উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা মহিলাসকললৈ বিশেষ সন্মান

উদ্যোগ, সৃষ্টিশীলতা আৰু সামাজিক নেতৃত্বৰ এক অনন্য সমাগমৰ সাক্ষী হ'ল Femina GameChangers Northeast 2026 অনুষ্ঠান।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-03-06 at 5.54.15 PM

ডিজিটেল সংবাদ, গুৱাহাটীঃ উদ্যোগ, সৃষ্টিশীলতা আৰু সামাজিক নেতৃত্বৰ এক অনন্য সমাগমৰ সাক্ষী হ'ল Femina GameChangers Northeast 2026 অনুষ্ঠান। ভাৰতৰ অন্যতম শীর্ষ মহিলাকেন্দ্রিক লাইফষ্টাইল ব্রেগু Femina ৰ উদ্যোগত ২ মাৰ্চত গুৱাহাটীৰ ভিভান্তা হোটেলত আয়োজিত এই সন্মানীয় অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ক্ষেত্রত উল্লেখযোগ্য অবদান আগবঢ়োৱা মহিলাসকলক সন্মান জনোৱা হয়। উদ্যোগপতি, স্বাস্থ্যসেৱা বিশেষজ্ঞ, শিল্পী, শিক্ষাবিদৰ পৰা আৰম্ভ কৰি সমাজসেৱীলৈকে বহু মহিলাই নিজৰ নিষ্ঠা, উদ্দেশ্যপ্রাণ কাম আৰু সমাজৰ ওপৰত ইতিবাচক প্রভাৱৰ জৰিয়তে সফলতাৰ নতুন দিশ উন্মোচন কৰিছে। এনে মহিলা সকলক সন্মান জনোৱাৰ অৰ্থে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

এই অনুষ্ঠানটো ঐতিহ্যবাহী দীপ প্রজ্জ্বলনৰ জৰিয়তে শুভাৰম্ভ কৰা হয়, যিয়ে উৎকর্ষ আৰু অনুপ্ৰেৰণাৰে ভৰা এক সন্ধিয়াৰ সূচনা কৰে। অনুষ্ঠানত উপস্থিত আছিল বিশিষ্ট অতিথিসকল-প্রখ্যাত গায়িকা মনীষা হাজৰিকা, সমাজসেৱী নাবাম বিবেক, ফিটনেছ প্রশিক্ষক ৰাইডাৰ আৰু অসম চৰকাৰৰ অসম গৌৰৰ বঁটা প্রাপ্ত মীনাক্ষী দাস; Drugs India-ৰ প্রতিষ্ঠাতা দ্বিজেন ফুকন, শিক্ষাবিদ পি.এছ, ৰেড্ডী; সমাজসেৱী অমৰেশ ৰয়, ব্যতিক্রম গ্রুপৰ কর্ণধাৰ ড° সৌমেন ভাৰতীয়া, আৰু SIDBI-4 GM-PP প্রদীপ নাথ। তেওঁলোকৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ মর্যাদা বৃদ্ধি কৰাৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰত ইতিবাচক প্রভাৱ পেলোৱা ব্যক্তিসকলৰ অৱদান স্বীকৃতি দিয়াৰ গুৰুত্বকো প্রতিফলিত কৰে।

এই অনুষ্ঠানত উদ্যোগপতি, স্বাস্থ্যসেৱা, শিক্ষা, শিল্প, জনসেৱা আৰু সামাজিক কার্যকলাপ আদি বিভিন্ন ক্ষেত্ৰত সাফল্য অর্জন কৰা ব্যক্তিসকলক সন্মান জনোৱা হয়। প্রতিজন বঁটা লাভ কৰা ব্যক্তিয়ে নিজ নিজ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ লগতে সমাজত প্রকৃত ইতিবাচক প্রভাৱ সৃষ্টি কৰিছে।

WhatsApp Image 2026-03-06 at 5.31.26 PM

সন্মানিতসকলৰ ভিতৰত আছিল অনু মণ্ডল, নুপুৰ হেডা পাটিল, প্রিয়াংকা দাস, সীমা শর্মা, সোহেলি শীল চৰকাৰ, দানিশা চক্রৱর্তী, ড" অনিন্দিতা প্রিয়দর্শিনী দাস, আপং গিয়াদি তানিয়াং, নাবাম ছিচি বেলি, বর্ষা ফুকন, কাশ্মিৰী নাথ, ড' মীনাক্ষী শইকীয়া, প্ৰফেছৰ ড° সংগীতা ত্রিপাঠী, দিশা বৰুৱা, ছামিম আখতাৰা আলী, ড° জ্যোতিস্মিতা পাঠক, ড° সুষ্মিতা বয় বেনাৰ্জী, অদিতি কেজৰিওৱাল, ড° সীমা কাশ্যপ, অর্পণা কলিতা, অৰুণা কলিতা, জাবিনা লস্কৰ, ড° জুলি হাজৰিকা, চিনু কিশোৰ, স্মিতাক্ষী বি. গোস্বামী, ড° অর্চনা বর্মন, ড° ৰীমা দাস মল্লিক, পায়েল আগৰৱাল জৈন, ড° জোৰাম ইয়ালাম নাবাম, ড° ৰোজী কলিতা, কল্পনা কলিতা আদি। তেওঁলোক সকলোয়ে দৃঢ়তা, উদ্ভাৱন আৰু সমৃদ্ধ সাংস্কৃতিক গৌৰৱেৰে পৰিপূৰ্ণ উত্তৰ-পূৰ্বাঞ্চলৰ প্রতিনিধিত্ব কৰে।

বঁটাসমূহ প্রদান কৰে পদ্মশ্রী নুৰউদ্দিন আহমেদ, প্রখ্যাত অসমীয়া ভাস্কৰ আৰু আর্ট ডাইৰেক্টৰ, অভিনেত্রী মধুৰিমা চৌধুৰী, অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত সচিব ইন্দ্ৰাণী লস্কৰ (ACS) আৰু বিশিষ্ট সাহিত্যিক মনিকুন্তলা ভট্টাচার্যই।

WhatsApp Image 2026-03-06 at 5.31.27 PM

ইফালে, এই অনুষ্ঠান সম্পর্কে Femina Editor-in-Chief অম্বিকা মুট্টোয়ে কয়, "দীর্ঘদিন ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বহু শক্তিশালী আৰু অনুপ্রেৰণাদায়ক কাহিনী স্থানীয় পৰিসৰতেই সীমাবদ্ধ হৈ আছিল। Femina GameChangers সেই কাহিনীবোৰক বৃহৎ মঞ্চলৈ আনিবলৈ চেষ্টা কৰিছে। উত্তৰ-পূব সংস্কৰণৰ বিশেষত্ব হৈছে ইয়াৰ শক্তিশালী কমিউনিটি স্পিৰিট। আমাৰ বহু বঁটা লাভ কৰা ব্যক্তিয়ে কেৱল নিজৰ বাবে নহয়, আগন্তুক প্ৰজন্মৰ বাবেও পথ প্রস্তুত কৰি আছে। সেই সমষ্টিগত চেতনাকেই আমি উদযাপন কৰিব বিচাৰো। এইটো আছিল অনুপ্ৰেৰণাৰে ভৰা এক সন্ধিয়া-উৎকর্ষ, অৱদান আৰু অধ্যৱসায়ৰ অসংখ্য কাহিনীৰে সমৃদ্ধ।"

আনহাতে, ব্যতিক্ৰম গ্ৰুপৰ কৰ্ণধাৰ ড০ সৌমেন ভাৰতীয়াই কয়, "Femina GameChangers Northeast-ব দবে এক গুৰুত্বপূর্ণ উদ্যোগৰ সৈতে পুনৰ এবাৰ যুক্ত হ'ব পাৰি আমি অত্যন্ত আনন্দিত। গুৱাহাটীত আয়োজন কৰা এই অনুষ্ঠানত গতিবছৰো ব্যতিক্রম গ্রুপ সহযোগিতাত আছিল আৰু এইবাৰো সেই উদ্যোগৰ অংশ হ'ব পৰাটো আমাৰ বাবে গৌৰৱৰ বিষয়। উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাসকলে আজি বিভিন্ন ক্ষেত্ৰত অসাধাৰণ কাম কৰি আছে আৰু তেওঁলোকৰ এই সফলতাই সমাজক অধিক শক্তিশালী কৰি তুলিছে। ব্যতিক্রম গ্রুপে সদায়েই মহিলা সশক্তিকৰণ, সৃষ্টিশীলতা আৰু সামাজিক উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন উদ্যোগ লৈ আহিছে। আমাৰ বিশ্বাস, এনে মঞ্চই কেৱল কৃতিত্বক সম্মান জনোৱাই নহয়, আগন্তুক প্রজন্মকো অনুপ্রাণিত কবে।"

এই অনুষ্ঠানৰ অন্তিম মুহূৰ্তত Femina GameChangers Northeast-এ পুনৰ এবাৰ দেখুৱাই দিলে যে, সঁচা সফলতা কেৱল ব্যক্তিগত সাফল্যত সীমাবদ্ধ নহয়, ই সমাজত পেলোৱা ইতিবাচক প্রভাৱৰ মাজতেই নিহিত থাকে। আঞ্চলিক কাহিনী আৰু প্রতিভাসমূহক বৃহত্তৰ জাতীয় পৰিসৰত তুলি ধৰাৰ ক্ষেত্ৰত Femina-ই নিজৰ প্রতিশ্রুতি পুনৰ দৃঢ়ভাবে প্রতিফলিত কৰিলে।

গুৱাহাটী