চৰাইদেউ মৈদামত অৱদান আগবঢ়োৱা প্ৰত্নতত্ত্ব বিভাগৰ কৰ্মচাৰীক কৃতজ্ঞতা জ্ঞাপন

চৰাইদেউ মৈদামত অৱদান আগবঢ়োৱা প্ৰত্নতত্ত্ব বিভাগ কৰ্মচাৰীক কৃতজ্ঞতা জ্ঞাপন

author-image
Asomiya Pratidin
New Update
চৰাইদেউ মৈদামত অৱদান আগবঢ়োৱা প্ৰত্নতত্ত্ব বিভাগৰ কৰ্মচাৰীক কৃতজ্ঞতা জ্ঞাপন

ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইউনেস্কৰ দ্বাৰা স্বীকৃতি আদায়ৰ ক্ষেত্ৰত অসম প্ৰত্নতাত্বিক সঞ্চালকালয়ৰ বিষয়াবৰ্গৰ লগতে যিসকলে অৰিহণা যোগাইছিল সেই সদৌটিকে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Advertisment

সোমবাৰে সন্ধিয়া মৈদামথলীৰ পৰ্যটন ভৱনত আয়োজন কৰা এক বিশেষ সম্বৰ্ধনা কাৰ্যসূচীত তেওঁলোকক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটোত উদ্যোক্তা সকলে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰকো সম্বৰ্ধনা জ্ঞাপন কৰে।

এই কাৰ্যসূচীত প্ৰেছ ক্লাবৰ সভাপতি ধ্ৰৱজ্যোতি বৰুৱা, সম্পাদক প্ৰণৱ বৰগোহাঁই উপদেষ্টা আলিম আহমেদ, সংবাদকৰ্মী নবুল কোঁৱৰ,বিতু কোঁৱৰ, সুশান্ত কোঁৱৰ, বিকাশজ্যোতি বৰুৱা,ইছলাম আহমেদ আৰু স্থানীয় ৰাইজৰ লগতে আটাছুৰ প্ৰতিনিধি সকল উপস্থিত থাকে ৷

Also Read: উত্তপ্ত GMCH ! যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি কৰ্মৰত চিকিৎসকক প্ৰহাৰ...

Charideo Maidam