/asomiyapratidin/media/media_files/2026/01/13/web-2-2026-01-13-16-17-40.jpg)
ডিজিটেল সংবাদ, মানকাচৰঃ ন্যায়ালয়ে জামিন প্ৰদান নকৰা স্বত্তেও মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে ফেকামাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি মামুন শ্বাহ। ভুৱা শিক্ষাগত প্ৰমাণপত্ৰৰে পঞ্চায়ত নিৰ্বাচন খেলাৰ অভিযোগ আছে শ্বাহৰ বিৰুদ্ধে।
ইফালে, জিলা প্ৰশাসন-আৰক্ষীৰ ভূমিকাক লৈ অসন্তষ্টি প্ৰকাশ কৰিছে আঞ্চলিক পঞ্চায়তৰ সদস্য আব্দুল মোন্নাফ শেখে। আজি এক সংবাদমেল সম্বোধন কৰি বিস্ফোৰক মন্তব্য কৰে শেখে।
উল্লেখ্য যে, পঞ্চায়ত নিৰ্বাচনৰ পাছত কংগ্ৰেছৰ পৰা আব্দুল মোন্নাফ শেখৰ নেতৃত্বত ফেকামাৰী আঞ্চলিক পঞ্চায়ত গঠন হৈছিল। আব্দুল মোন্নাফ শেখ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত মামুন শ্বাহ উচ্চ ন্যায়ালয়ৰ কাষ চাপে। অনিয়ম কৰি আব্দুল মোন্নাফ শেখ আঞ্চলিক পঞ্চায়ত গঠন কৰা বুলি উচ্চ ন্যায়ালয়ে ফেকামাৰী আঞ্চলিক পঞ্চায়ত পুনৰ গঠনৰ নিৰ্দেশ প্ৰদান কৰে।
ইফালে, এই নিৰ্দেশৰ পাছত মামুন শ্বাহৰ নেতৃত্বত আঞ্চলিক পঞ্চায়তখন গঠন কৰা হয়। বৰ্তমান মামুন শ্বাহ ফেকামাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি আছে। এই পঞ্চায়ত গঠনৰ বাবে আয়োজিত নিৰ্বাচনত মামুন শ্বাহ হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণৰ শিক্ষাগত অৰ্হতা দাখিল কৰি পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰে।
কিন্তু আজি সংবাদমেলত শেখে কয় যে- শ্বাহৰ এই শিক্ষাগত অৰ্হতা ভুৱা বুলি শিক্ষা বিভাগে এক পত্ৰযোগে স্পষ্ট কৰিছে। ভুৱা শিক্ষাগত অৰ্হতাৰ অভিযুক্ত মামুন শ্বাহৰ বিৰুদ্ধে জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগো তুলিছে আব্দুল মোন্নাফ শেখ।
ইতিমধ্যে মামুন শ্বাহৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হৈ আছে। তেওঁ জামিনৰ বাবে উচ্চ ন্যায়ালয়ত এবাৰ আৰু জিলা আদালতত দুবাৰকৈ আবেদন দাখিল কৰিছিল। কিন্তু কোনো আদালতৰ পৰাই তেওঁ জামিন নকৰাৰ পিছতো মামুন শ্বাহ আছে মুকলি আকাশৰ তলত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us