এটা গানৰ বাবেই ৪০লাখ! সংগীতানুষ্ঠানৰ বাবে পোষ্ট মেলনৰ মাননি কিমান...

বহু বিৰ্তকৰ অন্তত অহা ৮ডিচেম্বৰ, ২০২৫ত অসমলৈ আহি আছে বিশ্ব পপ সংগীতৰ অন্যতম তাৰকা পোষ্ট মেলন। অসম চৰকাৰৰ পৰ্যটন বিভাগে আয়োজন কৰা এই অনুষ্ঠানটি খানাপাৰাৰ

author-image
Asomiya Pratidin
New Update
new ap web 8 (2)

ডিজিটেল ডেস্কঃ বহু বিৰ্তকৰ অন্তত অহা ৮ডিচেম্বৰ, ২০২৫ত অসমলৈ আহি আছে বিশ্ব পপ সংগীতৰ অন্যতম তাৰকা পোষ্ট মেলন। অসম চৰকাৰৰ পৰ্যটন বিভাগে আয়োজন কৰা এই অনুষ্ঠানটি খানাপাৰাৰ পশু চিকিতসা মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব। ইতিমধ্যে প্ৰস্তুতি সমাপ্ত হৈ পোষ্ট মেলনৰ সহঃ শিল্পীসকলে মঞ্চত চলাই আছে আখৰা।

অসমত অনুষ্ঠিত হোৱা পোষ্ট মেলনৰ এই সংগীতানুষ্ঠানৰ টিকটৰ মূল্য ২৫০০টকাৰ পৰা আৰম্ভ হৈছে। ১৬হাজাৰ টকালৈকে অনলাইনত বিক্ৰী হৈছে এই সংগীতানুষ্ঠানটোৰ টিকট। কিন্তু আপুনি জানেনে পোষ্ট মেলনে এটা সংগীতাষ্ঠানৰ বাবে কিমান টকাৰ মাননি লয়।

ইন্টাৰনেট উপলদ্ধ তথ্য অনুসৰি, পোষ্ট মেলনে এটা সন্ধিয়াৰ সংগীতানুষ্ঠানৰ বাবে ১৬.৬০কোটি পৰ্যন্ত মাননি ধাৰ্য কৰে। দুৰত্ব অনুসৰি এই মাননি ৪.১৫কোটিলৈকে হ্ৰাস কৰা হয়। কিন্তু ৪কোটিৰ তলত কোনো সংগীতানুষ্ঠান পৰিৱেশন নকৰে পোষ্ট মেলনে।

অৱশ্যে সামাজিক মাধ্যমত পোষ্ট মেলনে অসমলৈ অহাৰ বাবে ৩০কোটি টকা বৰঙণি নিৰ্ধাৰণ  কৰিছে বুলি চৰ্চা হৈছে যদিও ইয়াক লৈ কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই পৰ্যটন বিভাগে। কিন্তু পূৰ্বৰ সংগীতানুষ্ঠানলৈ  লক্ষ্য কৰিলে অসমত অনুষ্ঠিত হোৱা এই সংগীতনুষ্ঠানৰ পৰা ২০কোটি টকা পৰ্যন্ত মাননি পোষ্ট মেলনে ল'ব বুলি ধাৰণ কৰা হৈছে। 

খানাপাৰা