বকোত তীব্ৰ চাঞ্চল্যঃ পিতৃক দাৰে ঘপিয়াই পুত্ৰৰ আৰক্ষী থানাত আত্মসমৰ্পণ…

বকোত তীব্ৰ চাঞ্চল্যঃ পিতৃক দাৰে ঘপিয়াই পুত্ৰৰ আৰক্ষী থানাত আত্মসমৰ্পণ…

author-image
asomiyapratidin
New Update
জাজৰি বৰমণিপুৰ চাঞ্চল্যকৰ ঘটনাঃ বোৱাৰীৰ হাতত প্ৰাণ গল শাহুৱেকৰ..

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ বকোত পুত্ৰই পিতৃক দাৰে ঘপিয়াই গুৰুতৰ ভাবে আহত কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত নোৱাপাৰাগাঁৱত আজি ৰাতিপুৱা হিটলাৰ বসুমতাৰী(৬১ )নামৰ লোকগৰাকীৰ পৰা তেখেতৰ পুত্ৰ ৰিদীপ বসুমতাৰী (১৮) এ টকা বিচাৰে ।

Advertisment

জানিবপৰা মতে পিতৃ হিটলাৰ বসুমতাৰীয়ে ঘৰৰ বাৰীৰ গছ এজোপা বিক্ৰী কৰিছিল। যিজোপা গছৰ বিক্ৰী কৰা ধন পুত্ৰ ৰিদিপ বসুমতাৰীয়ে পিতৃৰ পৰা বিচাৰে । কিন্ত পিতৃয়ে পুত্ৰক ধন দিবলৈ সন্মত নোহোৱাত প্ৰথমতে পিতা-পুত্ৰ দুয়োৰে মাজত প্ৰথমে কাজিয়া-পেচাল হয় । সেই কাজিয়া-পেচালে এনে ৰূপ লয় যে খঙৰ ভমকত পুত্ৰই ঘৰত থকা দাখনেৰে পিতৃৰ ডিঙিত ঘপিয়াই দিয়ে ।

গুৰুতৰ ভাবে আহত হিটলাৰ বসুমতাৰীক পৰিয়ালৰ অইন অইন লোকে ততাতৈয়াকৈ ওচৰৰ ৩০খন বিচনাযুক্ত বকো গ্ৰাম্য চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰে যদিও গুৰুতৰ ভাবে আহত লোকগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে । গুৱাহাটী চিকিৎসালয়ত সাম্প্ৰতি লোকগৰাকী চিকিৎসা চলি আছে । আনহাতে ৰিদিপ বসুমতাৰীয়ে বকো থানাত আত্মসমৰ্পণ কৰিছে ।