/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/2492127b-7b6f-48fb-ac1d-625e06b399ab.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: সোণহেৰীয়া শৈক্ষিক, বৌদ্ধিক আৰু সাংস্কৃতিক বৈভবেৰে সমৃদ্ধ , ভিন্ন জাতি জনগোষ্ঠীৰ মহা মিলনৰ ভূমি ঢকুৱাখনা প্ৰাণোচ্ছলতাৰ ন সাজেৰে সুশোভিত হৈছে । সম্পূৰ্ণ দুটা বছৰ বিৰতিৰ পাছত ঢকুৱাখনীয়াৰ স্বাভিমানী প্ৰতিভূ স্বৰূপ ঐতিহাসিক ফাটবিহু কেন্দ্ৰীক উৎসৱমুখীতাত বিধৌত হৈছে ঢকুৱাখনা ।
ঢকুৱাখনা নগৰৰ মাজেৰে চিৰ প্ৰবাহমান চাৰিকঢ়িয়া নদীৰ উৰ্বৰ ,চিৰ সেউজ অৱবাহিকা মহঘুলি চাপৰিৰ বিহু বাকৰিত শুক্ৰবাৰৰ পৰা তিনিদিনীয়া সাংস্কৃতিক কাৰ্যসূচীৰে উদযাপিত হব ফাট বিহু-২০২২ । ইয়াকে লৈ ঢকুৱাখনাবাসীৰ উল্লাস উচাহৰ পাৰ ভাগিছে । কাইলৈ অৰ্থাৎ অহা ১৩ মেৰ পৰা ১৫ মেলৈ উদযাপিত হব লগা ফাট বিহুৰ নিখুঁত আৰু সাৱলীল পৰম্পৰা উপস্থাপনৰ হেতু আয়োজনৰ ক্ৰুটি কৰা নাই উদযাপন সমিতি আৰু স্থায়ী সমিতিয়ে ।
বতৰৰ প্ৰতিকূল পৰিস্থিতিকো উলাই কৰি ঢকুৱাখনাবাসী বিহুবলীয়া ৰাইজে ন ৰূপত সজাই তুলিছে মহঘুলি চাপৰিৰ বিহু বাকৰি। ১৩ মে'ৰ পুৱা পৰিবেশ নিকাকৰণৰ পাছত ফাটবিহুৰ পতাকা উত্তোলনেৰে লোক মহোৎসৱৰ পাতনি মেলা হব । ইয়াৰ পাছত ক্ৰমে শ্বহীদ তৰ্পণ , প্ৰতিযোগী বিহুদল সমূহক আদৰণিৰ পাছত বাকৰিৰ মঞ্চ মুকলি কৰিব প্ৰবীন সাংস্কৃতিক সাধক , বিশিষ্ট নাগৰিক জগদীশ গগৈয়ে । দুপৰীয়া টকা বিহু প্ৰতিযোগিতা উদ্ধোধন কৰিব শিক্ষয়িত্ৰী কল্পনা সেনাপতি বৰুৱাই। বিয়লি সাংস্কৃতিক কৰ্মী মৃণাল দাসে চেমনীয়া বিহু প্ৰতিযোগিতা উদ্ধোধন কৰিব ।
উদযাপন সমিতিৰ উপ সভাপতি সঞ্জীৱ গগৈ আৰু সহকাৰী সম্পাদক ভবেশ দাসে জনোৱা মতে ফাটবিহুৰ দ্বিতীয় দিনা ১৪ মেৰ পুৱা বাকৰিত কপৌফুল ৰোপণ আৰু গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হব ।ইয়াৰ পাছত বাকৰিত গামোচা প্ৰতিযোগিতা অনুষ্ঠিত হব থলুৱা শিপিনী সকলৰ মাজত। দুপৰীয়া সকলো জাতি জনগোষ্ঠীৰ প্ৰাপ্তবয়স্ক হুঁচৰি প্ৰতিযোগিতা উদ্ধোধন কৰিব ডাঃ হেমন্ত গগৈয়ে । বিয়লি ফাট বিহুৰ বছেৰেকীয়া প্ৰকাশ "বিহুৱান" উন্মোচন কৰিব মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ডম্বৰুধৰ নাথে । লোক মহোৎসৱৰ অন্তিম দিনা ১৫ মে'ৰ পুৱা ১০ বজাত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰিব অভিনেত্ৰী অমৃতা গগৈয়ে ।
দুপৰীয়া বিহু বাকৰিত অনুষ্ঠিত হব ফাট বিহুৰ স্বকীয় বৈশিষ্ট বহনকাৰী মুকলি বিহু প্ৰতিযোগিতা । মিচিং জনগোষ্ঠীৰ সুকণ্ঠী গায়িকা ৰুপা মিলিয়ে উদ্ধোধন কৰিব লগা এই প্ৰতিযোগিতাৰ পৰৱৰ্তী সময়ত মুকলি সভা অনুষ্ঠিত হব বিহু মঞ্চত ।
প্ৰবীণ অভিনেতা প্ৰাঞ্জল শইকীয়াই উদ্ধোধন কৰিব লগীয়া এই মুকলি সভাত জামুগুৰিহাটৰ বিশিষ্ট বিহু বিশেষজ্ঞ নিৰঞ্জন গোস্বামীয়ে নিৰ্দিষ্ট বক্তা হিচাবে ,প্ৰবীণ সাহিত্যিক ,শিক্ষাবিদ শিৱ প্ৰসাদ গগৈয়ে বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰিব। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থকাৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে মুকলি সভাত উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰিব।
মুকলি সভাতেই জ্যেষ্ঠ কৃতি বিহুৱা বিহুৱতীক বিশেষ ভাবে সম্বৰ্ধনা জনাব বুলি বিষয়ববীয়াদ্বয়ে জানিবলৈ দি ঢকুৱাখনাবাসীৰ একক লোক সম্পদ স্বৰূপ ফাট বিহুৰ সকলো কাৰ্যসূচীত জাতিয় সাজ পৰিধানেৰে উপস্থিত থাকি উপভোগ কৰাৰ সানুনয় আহ্বান জনাইছে বিষয়ববীয়া দুগৰাকীয়ে ।