/asomiyapratidin/media/media_files/2026/02/26/whatsapp-image-2026-02-26-21-22-59.jpeg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা চাঞ্চল্যকৰ পৰিস্থিতিৰ মাজতে ৰাজ্য চৰকাৰে গোচৰটো দ্ৰুত নিষ্পত্তিৰ বাবে ফাষ্ট ট্রেক আদালত গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত ৰাজ্য কেবিনেটৰ বৈঠকত অনুমোদিত কৰা হয়।
উল্লেখ্য যে, ঘটনাটোৰ সুবিচাৰৰ দাবীত জুবিন গাৰ্গৰ পৰিয়ালে ফাষ্ট ট্রেক আদালতৰ দাবী জনাই আহিছিল। পৰিয়ালৰ এই দাবীৰ প্ৰতি সহমত প্ৰকাশ কৰি চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰে আৰু অৱশেষত বিশেষ আদালত গঠনৰ সিদ্ধান্ত লয়।
ইফালে, গুৱাহাটী উচ্চ ন্যায়ালয়ে ফাষ্ট ট্রেক আদালতৰ বাবে এগৰাকী বিশেষ ন্যায়াধীশ নিযুক্তি দিব বুলি জানিব পৰা গৈছে। সংশ্লিষ্ট ন্যায়াধীশ নিযুক্ত হোৱাৰ পিছতে গোচৰটোৰ শুনানি ত্বৰান্বিত হ’ব বুলি আশা কৰা হৈছে। চৰকাৰৰ এই পদক্ষেপে গোচৰটোৰ দ্ৰুত তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া নিশ্চিত কৰিব বুলি একাংশই মন্তব্য কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us