পশ্চিম কাৰ্বি আংলঙৰ মেনমেজিত কৃষক মেলা আৰু প্ৰদৰ্শনী কাৰ্যসূচী

কৃষি উৎপাদন বৃদ্ধিৰ লগতে কৃষক ৰাইজক উদ্যমী আৰু স্বাৱলম্বী কৰাৰ লক্ষ্যৰে পশ্চিম কাৰ্বি আংলঙৰ মেনমেজিত কৃষক মেলা আৰু প্ৰদৰ্শনী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
dhgsdgh

ডিজিটেল সংবাদ, খেৰণিঃ কৃষি উৎপাদন বৃদ্ধিৰ লগতে কৃষক ৰাইজক উদ্যমী আৰু স্বাৱলম্বী কৰাৰ লক্ষ্যৰে পশ্চিম কাৰ্বি আংলঙৰ মেনমেজিত কৃষক মেলা আৰু প্ৰদৰ্শনী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ অধীনৰ পশ্চিম কাৰ্বি আংলং জিলা কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই কৃষক মেলাৰ।

vfgdfdfdfd

জিলা কৃষি বিষয়া তপন দত্ত আৰু কৃষি উন্নয়ন বিষয়া দেৱজিত শইকীয়াৰ তৎপৰতা আৰু তত্বাৱধানত দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰৰ পৰা অনুষ্ঠিত কৰা হয় কৃষক মেলা আৰু এই প্ৰদৰ্শনীৰ। উল্লেখ্য যে, পশ্চিম কাৰ্বি আংলং জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত বেদাঙ্গ কাশ্যপ দাসে এই অনুষ্ঠানৰ দুৱাৰ মুকলি কৰাৰ লগতে বন্তি প্ৰজ্জ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

Capturefgdfdfdf

এই কৃষক মেলাত কৃষি বিভাগৰ জৰিয়তে উৎপাদিত কৃষিজাত সামগ্ৰী আৰু বিভিন্ন ধৰণৰ কৃষি সঁজুলি প্ৰদৰ্শন কৰাৰ লগতে কেবাখনো আত্মসহায়ক গোটৰ বিপনী স্থাপনেৰে থলুৱা উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শন কৰাৰ উপৰি গ্ৰাহকৰ মাজত সুলভ মূল্যত উৎপাদিত সামগ্ৰী বিক্ৰী কৰা পৰিলক্ষিত হয়। 

কৃষক