নগাঁৱত কৃষক মেলা আৰু প্ৰদৰ্শনী

নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ চৌহদত এখন কৃষক মেলা আৰু প্ৰদৰ্শনী অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
104

ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ চৌহদত এখন কৃষক মেলা আৰু প্ৰদৰ্শনী অনুষ্ঠিত হয়। দুদিনীয়াকৈ আয়োজন কৰা এই কৃষক মেলাৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা নতুনকৈ উদ্ভাৱন কৰা শস্যৰ বীজ আৰু শস্য অধিক উৎপাদন তথা আধুনিক বিজ্ঞান -প্ৰযুক্তি কৌশল ব্যৱহাৰ সন্দৰ্ভত কৃষি বিভাগে অৱগত কৰাৰ এক ব্যৱস্থা।

নগাঁও জিলাৰ ১৩ টা উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন প্ৰগতিশীল আৰু উপান্ত কৃষক সকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জিলা কৃষি বিষয়া ডঃ নিখিল নাৰায়ণ বৰুৱা, চিলঙনিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃ হিৰণ্য কুমাৰ বৰাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

এই মেলাৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনীত জিলাখনৰ কৃষকসকলৰ উৎপাদিত সামগ্ৰীসমূহৰ প্ৰদৰ্শন তথা বিক্ৰীৰ ব্যৱস্থা গ্ৰহণ কৰে।

কৃষক