/asomiyapratidin/media/media_files/2025/08/20/1-2025-08-20-21-03-58.jpg)
ডিজিটেল সংবাদ, চিৰাং: চিদলী ৰাজহচক্ৰৰ অন্তৰ্গত পাঁচখন ৰাজহ গাঁৱৰ ৬২ টা কৃষক পৰিয়ালৰ সহস্ৰাধিক বিঘা কৃষিভূমিত জলসিঞ্চনৰ পানী যোগান কৰিব পৰাকৈ যোৱা বছৰ বিটিচি প্ৰশাসনৰ জলসিঞ্চন বিভাগৰ পৰা প্ৰায় কোটি টকা ব্যয় সাপেক্ষে চিদলীৰ পশ্চিম ডোমগাঁৱত নিৰ্মাণ কৰিছিল জলসিঞ্চন প্ৰকল্প ।
জলসিঞ্চন প্ৰকল্পটোৰ নিৰ্মাণ কালতে স্থানীয় ৰাইজে ঠিকাদাৰ গোষ্ঠীৰ বিৰুদ্ধে বিসংগতিপূৰ্ণ আৰু নিম্ন মানদণ্ডৰ সামগ্ৰীৰে কাম কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ কৰিছিল। কৃষক ৰাইজৰ আশংকা কৰা ধৰনেই বিসংগতিপূৰ্ণ ভাবে নিৰ্মাণ কৰা জলসিঞ্চন প্ৰকল্পটোৰ এটা অংশ এইবেলি কানিভূৰ নৈৰ গৰাখহনীয়াত উটুৱাই লৈ যোৱাৰ ফলত খৰাং বতৰত যিখিনি জলসিঞ্চন প্ৰকল্পটোৰ পানী খেতিপথাৰত পানী গৈছিল সেয়া সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে ।
স্থানীয় বান্ধ কমিটিৰ লোকে অঞ্চলটোৰ কৃষক সকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল । কিন্তু বিভাগীয় ভাবে এই বিষয়টোত বিশেষ গুৰুত্বাৰোপ নকৰাত আজি পাঁচখন গাঁৱৰ ভূক্তভোগী কৃষক সকলে চৰকাৰ তথা বিভাগলৈ অপেক্ষা নকৰি নিজৰ গাঁঠিৰ ধন খৰচ কৰি সমূহীয়া শ্ৰমদান কৰি মেৰামতি কৰে এই ভাঙি যোৱা কেইবা কোটি টকীয়া জলসিঞ্চন প্ৰকল্পৰ বান্ধ।
কৃষক সকলৰ সুবিধাৰ্থে কোটি কোটি টকা খৰচ কৰি জলসিঞ্চন প্ৰকল্প নিৰ্মাণ কৰি যদি খৰাং বতৰত খেতিপথাৰত জলসিঞ্চনৰ পানীয়ে নাপাই তেনেহ'লে সেই কোটি কোটি টকা খৰচ কৰি লাভ কি বুলি প্ৰশ্ন উত্থাপন কৰে ভুক্তভোগীয়ে।
এনেধৰনৰ জলসিঞ্চন প্ৰকল্পৰ দ্বাৰা কৃষক সকলৰ একো উপকাৰ হোৱা নাই তাৰ বিপৰীতে লাভ হৈছে কেৱল ঠিকাদাৰ, বিভাগীয় কাৰ্য্যবাহী সদস্য, অভিযন্তা-বিষয়া সকলৰ বুলি ক্ষোভৰ সৈতে মন্তব্য কৰে।