ৰাজ্যত সাঁচি গছতকৈ বগা চন্দনৰ প্ৰতি বৃদ্ধি পাইছে কৃষকৰ আগ্ৰহ

ৰাজ্যত সাঁচি গছতকৈ চাহিদা বৃদ্ধি পাইছে বগা চন্দনৰ ৷ লাভজনক খেতিৰ সন্ধানত ডবকা অঞ্চলসহ হোজাই জিলাৰ বহু কৃষকে এতিয়া সাঁচি গছ এৰি বগা চন্দনৰ খেতিৰ দিশে আগ্ৰহ দেখুৱাইছে।

author-image
Asomiya Pratidin
New Update
dimpul cfsdsd

ডিজিটেল সংবাদ, ডবকাঃ ৰাজ্যত সাঁচি গছতকৈ চাহিদা বৃদ্ধি পাইছে বগা চন্দনৰ ৷ লাভজনক খেতিৰ সন্ধানত ডবকা অঞ্চলসহ হোজাই জিলাৰ বহু কৃষকে এতিয়া সাঁচি গছ এৰি বগা চন্দনৰ খেতিৰ দিশে আগ্ৰহ দেখুৱাইছে। বজাৰত বগা চন্দনৰ মূল্য বৃদ্ধি আৰু চাহিদা অধিক হোৱাৰ ফলতেই এই পৰিবৰ্তন দেখা গৈছে।

পূৰ্বতে যি সাঁচি গছ বহুলভাৱে ৰোপণ কৰা হৈছিল, বৰ্তমান সেই গছৰ চাহিদা হ্ৰাস পাইছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। হোজাই ডবকা মদাৰতলিৰ বাসিন্দা প্ৰকৃতিপ্ৰেমী জয়ভদ্ৰ মেচে কয় যে, তেওঁৰ ঘৰত আগতে বহু সাঁচি গছ আছিল। উপযুক্ত মূল্য নোপোৱাৰ বাবে তেওঁ হোজাইৰ এটা পাৰ্টিৰ ওচৰত কম মূল্যতে সাঁচি গছ বিক্ৰী কৰিবলগীয়া হয়। তাৰ পিছতেই তেওঁ বগা চন্দনৰ খেতি আৰম্ভ কৰে।

জয়ভদ্ৰ মেচে লগতে উল্লেখ কৰে যে, সাঁচি গছতকৈ এতিয়া বগা চন্দনৰ চাহিদা বহুগুণে বৃদ্ধি পাইছে আৰু ই ভৱিষ্যতে অধিক লাভ দিব বুলি তেওঁ আশাবাদী। বৰ্তমান বিভিন্ন নাৰ্চাৰীত বগা চন্দনৰ পুলি সহজলভ্য হৈছে , যাৰ ফলত কৃষকৰ বাবে এই খেতি আৰম্ভ কৰা সহজ হৈ পৰিছে বুলি তেওঁ কয়।

ইফালে, বিশেষজ্ঞসকলৰ মতে, সঠিক যত্ন আৰু সময়মতে পৰিচালনা কৰিলে বগা চন্দন এটা লাভজনক আৰু দীৰ্ঘম্যাদী খেতি হিচাপে পৰিগণিত হ’ব পাৰে। এইবাবে আগন্তুক দিনত অঞ্চলটোত বগা চন্দনৰ খেতি আৰু বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

ডবকা