কি হ’ব কৃষকৰ পৰৱৰ্তী কাৰ্যপন্থা! কৰ্ণালত মহাপঞ্চায়ত…

কি হ’ব কৃষকৰ পৰৱৰ্তী কাৰ্যপন্থা! কৰ্ণালত মহাপঞ্চায়ত…

ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ কৰ্ণাল জিলাৰ কাচবা ঘৰাউণ্ডা শস্য মাণ্ডিত আৰম্ভ হৈছে কৃষকসকলৰ এখন মহাপঞ্চায়ত। জানিব পৰা মতে এই মহাপঞ্চায়তত ১০ টা কৃষক সংগঠনৰ বিষয়া উপস্থিত আছে। মহাপঞ্চায়তখনত বাস্তাদা টোলত আঘাতপ্ৰাপ্ত হোৱাৰ পৰৱৰ্তী সময়ত নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা সুশীল নামৰ কৃষকগৰাকীৰ আত্মাৰ সদগতিৰ বাবে দুই মিনিটৰ বাবে মৌন প্ৰাৰ্থনা জ্ঞাপন কৰা হয়। ইয়াৰ পিছতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ লগতে ভাৰত মাতা আৰু জয় জোৱান-জয় কিষাণৰ শ্ল'গান দিয়ে কৃষকসকলে।

এই মহাপঞ্চায়তত, বিগত ২৮ আগষ্টত বাস্তাদা টোল প্লাজাত কৃষকসকলৰ ওপৰত আৰক্ষীৰ লাঠিচাৰ্জৰ প্ৰতিবাদৰ বিৰুদ্ধে আগন্তুক ৰণনীতি প্ৰস্তুত কৰা হৈছে। এই মহাপঞ্চায়তৰ বাবে কৃষকসকলে গোটেই ৰাতি প্ৰস্তুতি চলাইছিল। জিলাখনৰ ১০ হাজাৰৰো অধিক কৃষকৰ আগমণ ঘটা এই মহাপঞ্চায়তখনৰ কৃষকসকলৰ বাবে শস্যৰ বজাৰত উপনীত হোৱা, বাহন ৰখা, খোৱা পানী, বহাৰ ব্যৱস্থা আৰু খাদ্যৰ ব্যৱস্থাও কৰা হৈছে। আনহাতে মহাপঞ্চায়তখনত বহু মহিলাও উপস্থিত আছে।

ইফালে এই মহাপঞ্চায়তৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰে খবৰ ৰাখিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰকাশিত খবৰ মতে চি আই ডি, আই বি আদিৰ লোকসকলে কৃষক সংগঠনৰ পৰা নিৰন্তৰ তথ্য সংগ্ৰহ কৰিছে। এনেদৰে তথ্য সংগ্ৰহ কৰি এজনৰ পাছত আন এজন বাইক আৰোহী চি আই ডি, আই বিৰ সদস্যই মহাপঞ্চায়তৰ খবৰ লৈ মুহূৰ্তৰ ভিতৰতে পঞ্চায়ত ত্যাগ কৰিছে।

উল্লেখ্য যে, পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিৰ এখন সাংগঠনিক সভা যোৱা ২৮ আগষ্টত কৰ্ণাল চহৰত অনুষ্ঠিত হৈছিল। এই সময়চোৱাতে চহৰখনত যিকোনো প্ৰৱেশ পথৰ মাজেৰে চহৰখনত প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল।সমান্তৰালভাৱে কৃষকসকলে বিজেপি নেতাসকলক ক'লা পতাকা দেখুৱাই প্ৰতিবাদ কৰিবলৈ প্ৰস্তুতি কৰিছিল। যাৰ বাবে তেওঁলোকে চহৰত প্ৰৱেশ কৰিব বিচাৰিছিল, কিন্তু আৰক্ষীয়ে তেওঁলোকক প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নাছিল।

ইয়াৰ মাজতে কৃষকসকলে বিজেপিৰ ৰাজ্যিক সভাপতি অ'পি ধনখৰক টোলৰ পৰাই ক'লা পতাকা দেখুৱাই আৰু চৰকাৰৰ বিৰুদ্ধে শ্ল'গান দিয়ে। ইয়াৰ পাছত কৃষকসকলে আন নেতাসকলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ টোল ক্ৰছিং বন্ধ কৰি দিয়ে। যাৰ বাবে আৰক্ষীয়ে কৃষকসকলৰ ওপৰত লাঠিচাৰ্জ কৰে। মুঠ ৪ বাৰকৈ আৰক্ষীয়ে কৃষকৰ ওপৰত লাঠিচাৰ্জ কৰাৰ পাছত বহু কৃষকক আটক কৰি লৈ যায়। ইয়াৰ পাছতে পৰিস্থিতি অধিক অৱনতি ঘটে।

এই ঘটানৰ বাবে আটকাধীন কৃষকসকলক যেতিয়ালৈকে মুকলি কৰি নিদিয়ে তেতিয়ালৈকে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি কৃষক সংগঠন কেইটাই স্পষ্ট কৰিছে। আনহাতে এই গোটেই ঘটনাৰ বাবে কৃষকসকলৰ পৰৱৰ্তী কাৰ্যপন্থা কি হ'ব সেই বিষয়ে মহাপঞ্চায়ততে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in