আদৰ্শ খেতিয়ক আকবৰ আলী আহমেদৰ ড্ৰেগন ফল খেতি আৰু নাৰ্চাৰী পৰিদৰ্শন কৃষি বিভাগৰ কাৰ্য্যবাহী সদস্যৰ...

২০ বিঘা মাটিত খেতি কৰি ড্ৰেগন ফলৰ উপৰি মৌচুমী, নেমুটেঙা, উন্নত প্ৰজাতিৰ বগৰী আদি অন্যান্য উদ্যান শস্যৰ খেতি কৰি বছৰি লাখ লাখ টকা উপাৰ্জন

author-image
Asomiya Pratidin
New Update
আদৰ্শ খেতিয়ক আকবৰ আলী আহমেদৰ ড্ৰেগন ফল খেতি আৰু নাৰ্চাৰী পৰিদৰ্শন  কৃষি বিভাগৰ কাৰ্য্যবাহী সদস্যৰ...

akbar ali ahmed

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ পশ্চিম দেউলগুৰীত উদ্যান শস্যৰ খেতিৰে সেউজ বিপ্লৱৰ সূচনা আৰম্ভ আদৰ্শ খেতিয়ক আকবৰ আলী আহমেদৰ বাসগৃহত কৃষি কাৰ্য্যৰ বুজ ল'বলৈ উপস্থিত হয় বি টি চিৰ কৃষি বিভাগৰ কাৰ্য্যবাহী সদস্য ঘনশ্যাম দাস।

Advertisment

২০১৯ চনত ইউটিউব যোগে জ্ঞান আহৰণ কৰি পৰৱৰ্তী সময়ত গুজৰাটৰ পৰা ড্ৰেগন ফলৰ পুলি আমদানি কৰি মাত্ৰ ২ বিঘা মাটিত ড্ৰেগন ফলৰ খেতি কৰি নিজে আৰ্থিক দিশত স্বাৱলম্বী হোৱাৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ যুৱক সকলৰ কাৰণে আদৰ্শ খেতিয়ক হিচাপে প্ৰতিষ্ঠিত কৰিছে।

আহমেদে বৰ্তমান সময়ত জিলা কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰামৰ্শ লগতে কাৰিকৰী সহযোগত ২০ বিঘা মাটিত খেতি কৰি ড্ৰেগন ফলৰ উপৰি মৌচুমী, নেমুটেঙা, উন্নত প্ৰজাতিৰ বগৰী আদি অন্যান্য উদ্যান শস্যৰ খেতি কৰি বছৰি লাখ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

নিজে খেতি কৰাৰ উপৰি বিভিন্ন উদ্যান শস্যৰ পুলিৰ নাৰ্চাৰী স্থাপন কৰি বছৰি লাখ লাখ যোগান ধৰিবলৈ সক্ষম হৈছে । সম্প্ৰতি আকবৰ আলী আহমেদে বি টি চিৰ কৃষি বিভাগৰ লাখৰ সংখ্যাত কেবল ড্ৰেগন ফলৰ পুলি যোগান ধৰিছে । আহমেদৰ নাৰ্চাৰীত প্ৰতিদিনে ২০ - ২২ গৰাকী পুৰুষ মহিলাক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে ।

বুধবাৰে চিৰাঙৰ পশ্চিম দেউলগুৰীৰ আদৰ্শ খেতিয়ক আকবৰ আলী আহমেদৰ বাসগৃহত স্থাপন কৰা উদ্যান শস্যৰ খেতি আৰু নাৰ্চাৰী পৰিদৰ্শন কৰিবলৈ বি টি চিৰ কৃষি বিভাগৰ সঞ্চালক বিনোদ বসুমতাৰী, জিলা কৃষি বিষয়া বেনুধৰ বৰ্মন, বেংতল কৃষি উন্নয়ন বিষয়া হৰদেৱ ব্ৰহ্মক লগত লৈ বি টি চিৰ কৃষি বিভাগৰ কাৰ্য্যবাহী সদস্য ঘনশ্যাম দাস আহি উপস্থিত হয়। আহমেদৰ উদ্যান শস্য খেতি আৰু নাৰ্চাৰী পৰিদৰ্শন কৰি কাৰ্য্যবাহী সদস্য জনে সন্তুষ্টি প্ৰকাশ কৰে ।

কাৰ্য্যবাহী সদস্য জনে সংবাদ মাধ্যমৰ আগত কয় যে বি টি আৰ এলেকাৰ কৃষিক্ষেত্ৰ খনক স্বাৱলম্বী কৰাৰ কাৰণে নতুন নতুন কিছু পদক্ষেপ গ্ৰহণ কৰি আছে । বৰ্তমান অসমত উদ্যান শস্যৰ বিশেষকৈ ফলমূলৰ চাহিদা অনুপাতে উৎপাদন যথেষ্ট কম। যাৰ কাৰনে বহিঃৰাজ্যৰ পৰা আমদানি কৰিব লগা হয় ।

তাৰ মাজতে যি সকলে উদ্যান শস্যৰ খেতি কৰিব খোজে তেওঁলোকে উন্নত জাতৰ পুলি বা বীজ সংগ্ৰহ কৰিবলৈ বহিঃৰাজ্যত ঢাপলি মেলিব লগাত পৰে আৰু অতিৰিক্ত মূল্যত পুলি বা বীজ ক্ৰয় কৰিব লগা হয়। যাৰ কাৰণে বি টি আৰ অঞ্চলত এনেধৰনৰ উন্নত মানদণ্ডৰ উদ্যান শস্যৰ নাৰ্চাৰীৰ প্ৰয়োজনীয়তা আছে বুলি মত প্ৰকাশ কৰে।

বি টি আৰ এলেকাত উদ্যান শস্যৰ বাবে অনুকুল বাতাৱৰণ থকাৰ পিছতো হেজাৰ হেজাৰ বিঘা কৃষিভূমি পতিত পৰি থাকে । নিজৰ কৃষিভূমি থকা স্বত্বেও বহু নিবনুৱা যুৱক যুৱতী কামৰ সন্ধানত বহিঃৰাজ্যত যোৱা দেখিবলৈ পোৱা যায় ।

বি টি চিৰ কৃষি বিভাগৰ পৰা সেই নিবনুৱা সকলক নিজৰ গাঁৱলৈ উভতি আহি ব্যবসায় ভিত্তিক কৃষি কৰ্ম কৰিবলৈ আহ্বান জনায় । তাৰ বাবে বি টি চিৰ কৃষি বিভাগৰ পৰা সহায় সহযোগ কৰা হ'ব। তেতিয়া প্ৰয়োজন হ'ব উন্নত মানৰ বীজ নাইবা পুলিৰ । যাৰ বাবে আকবৰ আলী আহমেদৰ নাৰ্চাৰীৰ উৎপাদন ক্ষমতা অধিক বৃদ্ধিৰ কৰাৰ পৰামৰ্শ আগবঢ়ায় ।

আগলৈ তেখেতৰ এই প্ৰচেষ্টাক আগবঢ়াই লৈ যাবলৈ বি টি চিৰ কৃষি বিভাগৰ পৰা সহায় সহযোগিতা আগবঢ়োৱাৰ হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। পৰিদৰ্শনৰ অন্তত কাৰ্য্যবাহী বিষয়া ঘনশ্যাম দাস সহ কৃষি বিভাগৰ দলটোৱে আহমেদৰ খেতিৰ উৎপাদিত ড্ৰেগন ফল, মৌচুমী আৰু কলৰ স্বাদ গ্ৰহন কৰে ।

assam agriculture