কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ চৌহদত নৱ নিৰ্মিত কৃষি যন্ত্ৰ প্ৰশিক্ষণ কেন্দ্ৰৰ দ্বাৰ মুকলি

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁও আৰু মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীত এই বছৰৰ পৰা আৰম্ভ হ’ব ডিপ্লমা ইন এগ্ৰিকালছাৰ আৰু ডিপ্লমা ইন হৰিটিকালছাৰ এই দুটা বিভাগত ডিপ্লমা পাঠ্যক্ৰম।

author-image
Asomiya Pratidin
New Update
কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ চৌহদত নৱ নিৰ্মিত কৃষি যন্ত্ৰ প্ৰশিক্ষণ কেন্দ্ৰৰ দ্বাৰ মুকলি

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁও আৰু মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীত এই বছৰৰ পৰা আৰম্ভ হ’ব কৃষি বিভাগৰ তিনিবছৰীয়া ডিপ্লমা পাঠ্যক্ৰম। ডিপ্লমা ইন এগ্ৰিকালছাৰ আৰু ডিপ্লমা ইন হৰিটিকালছাৰ দুটা বিভাগতে আৰম্ভ কৰিবলগীয়া এই পাঠ্যক্ৰমৰ বাবে দশম শ্ৰেণীত ৫০ শতাংশ নম্বৰ লাভ কৰা যুৱক, যুৱতীসকলক এই কৃষি বিভাগৰ ডিপ্লমা পাঠ্যক্ৰমৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। 

এইবছৰৰ নগাঁও জিলাত প্ৰথম আৰম্ভ কৰিব বিচৰা এই পাঠ্যক্ৰম অহা বছৰৰ পৰা ধুবুৰী আৰু বিশ্বনাথ জিলাতো আৰম্ভ হ’ব। এই পদক্ষেপৰ দ্বাৰা কৃষি ক্ষেত্ৰত নতুন জাগৰন হ’ব। আজি  এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিদ্যুত চন্দন ডেকাই।

আজি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ চৌহদত নৱনিৰ্মিত কৃষি যন্ত্ৰ প্ৰশিক্ষণ কেন্দ্ৰৰ দ্বাৰ মুকলি কৰি তেওঁ লগতে কয় যে,  আজি দ্বাৰ মুকলি কৰা কৃষি যন্ত্ৰপাতি প্ৰশিক্ষণ কেন্দ্ৰটি ১ কোটি ৯০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে। শেহতীয়াকৈ কৃষিত যান্ত্ৰিকীকৰণ হৈছে,  বহুত মেচিন আহিছে। কিন্তু ভাল নে বেয়া পৰীক্ষাৰ বাবে পৰীক্ষাগাৰ নাই,  প্ৰশিক্ষন কেন্দ্ৰ নাছিল। বৰ্তমান এই কৃষি যন্ত্ৰপাতি প্ৰশিক্ষণ কেন্দ্ৰত এই অভাৱ পূৰণ হব।

অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি অসম চৰকাৰৰ আয়ুক্ত, সচিব বিৰেন্দ্ৰ মিত্তালে আজি দিনটো নগাঁৱৰ কৃষিক্ষেত্ৰৰ এটা গুৰুত্বপূৰ্ণ দিন বুলি প্ৰকাশ কৰাৰ লগতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতকৈ অসমত বহুত কম লোকে কৃষিত যান্ত্ৰিকতাৰ প্ৰয়োগ কৰে। বছৰত মাত্ৰ এটা কৃষি কৰিয়েই কৃষক বহি থাকে। 

এটিয়া অকল কৃষিয়েই নহয় আনুসংগিক দিশতো আগবাঢ়ি যাব লাগিব বুলি কৃষক সকললৈ আহ্বান জনায়। অনুষ্ঠানটিত আৰম্ভণি ভাষন প্ৰদান কৰি, অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ সহযোগী শিক্ষা আৰু সম্প্ৰসাৰণ বিষয়া ড০ মনোৰঞ্জন নেওঁগে কয়, প্ৰযুক্তি আমাৰ হাতত থাকিলেই নহ’ব, গাঁৱৰ কৃষকৰ কাষলৈ লৈ যাৱ লাগিব। কৃষকৰ আয় বৃদ্ধি হ’ব লাগিব।

ইফালে সভাৰ পূৰ্বে গায়ন, বায়নৰ মাংগলিক ধ্বনিৰে ফিটা কাটি নৱনিৰ্মিত আটকধুনীয়া কৃষি যন্ত্ৰ প্ৰশিক্ষণ কেন্দ্ৰৰ ভৱনটি দুৱাৰ মুকলি কৰে। মীন মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড০ প্ৰদীপ চন্দ্ৰ ভূঞাই ভাষণ প্ৰদান কৰা অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়াই কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ প্ৰধান বিজ্ঞানী তথা মূৰব্বী ড০ ভবেশ চন্দ্ৰ ডেকাই। 

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পশু বিজ্ঞান বিশেষজ্ঞ ড০ অনিমেশ ডেকাই আঁত ধৰা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিত মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ মুখ্য বিজ্ঞানী ড০ হিৰণ্য কুমাৰ বৰা,  প্ৰধান বিজ্ঞানী ড০ নিৰঞ্জন ডেকা, উদ্যান শস্য বিশেষজ্ঞা জুলি শৰ্মা, ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথ, কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড০ চিংকি বৰ্মন,  সামূহীক বিজ্ঞান বিশেষজ্ঞা ড০ আছফিকা ইছলাম, প্ৰকল্প সহযোগী ৰূপক কুমাৰ টায়ে,  পাম পৰিচালক শংকু মনি শৰ্মা,  আঁচনি সহায়ক বিষ্ণু নাৰায়ণ ফুকনকে আদি কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ কৰ্মচাৰীসকল,  নগাঁও জিলাৰ কেইবাগৰাকী উদ্যমী, প্ৰগতিশীল কৃষক উপস্থিত থাকে।

কৃষি বিজ্ঞান কেন্দ্ৰ