/asomiyapratidin/media/media_files/2025/10/30/81-2025-10-30-18-21-33.jpg)
ডিজিটেল সংবাদ, বিহপুৰীয়া : বিহপুৰীয়া প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত পকাদলৰ শ্রীশ্রী লক্ষ্মীকান্ত দেৱ গোস্বামী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অৰুণ শইকীয়াৰ বিদায় সম্বৰ্দ্ধনা সভাখনি বৃহস্পতিবাৰে বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কেশৱ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ প্ৰাকমুহূৰ্তত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷
সভাত বিহপুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আব্দুৰ ৰাজ্জাকে ৩১ অক্টোবৰত অৱসৰগ্ৰহণ কৰিব লগা শিক্ষক অৰুণ শইকীয়াক অৱসৰকালীন নথিপত্ৰসমূহ প্ৰদান কৰে ৷ সভাত বিদ্যালয়ৰ পৰিচালনা সমিতি, মাতৃগোট, শিক্ষক কৰ্মচাৰী, বৰ্তমানৰ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ লগতে স্থানীয় পকাদল যুৱক সংঘ, ধৰ্মালোচনী সভা আদি বহুকেইটা অনুষ্ঠান -প্ৰতিষ্ঠান, গাওঁবাসী আৰু বিশিষ্ট ব্যক্তিসকলে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অৰুণ শইকীয়াক ,সম্বৰ্দ্ধনা পত্ৰ, চেলেং,গামোচা,শৰাই,সফুৰা,ধৰ্মগ্ৰন্থ,ছাটি আদিৰে সম্বৰ্দ্ধনা জনায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/30/whatsap-2025-10-30-18-24-27.jpeg)
শিক্ষকতা বৃত্তিৰ জড়িয়তে বিদ্যালয়খনক এখন অনন্য বিদ্যালয় হিচাপে গঢ় দিবলৈ সক্ষম হোৱা তথা স্থানীয় ৰাইজৰ লগত প্ৰতি মূহূৰ্ততে সুখ দুখৰ সমভাগী হৈ এগৰাকী বিশিষ্ট শিক্ষক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা শিক্ষকগৰাকীৰ বিদায় সম্বৰ্দ্ধনা সভাখনত তেখেতৰ অনুৰাগীসকলে এক অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি কৰে ৷ মৰমৰ শিক্ষকগৰাকীক বিদায় দি সকলো আবেগিক হৈ পৰে ৷
সভাত উপস্থিত থকা বিহপুৰীয়া মধ্য ইংৰাজী শিক্ষক সন্থাৰ সভাপতি সম্পাদক আৰু প্ৰধান শিক্ষকসকলে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ কৰ্তব্যনিষ্ঠাৰ শলাগ লোৱাৰ লগতে তেখেতে স্থানীয় ৰাইজৰ লগত গঢ়ি তোলা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কৰ শলাগ লয়। সভাত স্থানীয় বিশিষ্ট ব্যক্তি ক্ৰমে ৰেৱ নেওগ,ৰাম শইকীয়া,নাৰায়ণ দত্ত,ডিম্বেশ্বৰ বৰা আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষক লোকনাথ বৰাই শিক্ষক গৰাকীয়ে দেখুৱাই যোৱা আদৰ্শৰ প্ৰশংসা কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/30/whatsapp-2025-10-30-18-24-42.jpeg)
অৰুণ শইকীয়াই অৱসৰকালীন দিনবোৰত বিদ্যালয়ৰ লগতে সমাজৰ উন্নয়নৰ হকে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ সভাত শইৰকীয়াৰ শিক্ষয়িত্ৰী পত্নী নিৰুপমা বৰাৰ লগতে পৰিয়ালৰ লোকসকলেও অংশগ্ৰহণ কৰে ৷ স্থানীয় জনপ্ৰিয় যুৱ কণ্ঠশিল্পী দীপ বৰাই জুবিন গাৰ্গৰ মায়াবিনী গীতটি পৰিৱেশন কৰি সকলোৰে মন মুহিবলৈ সক্ষম হয় ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us