/asomiyapratidin/media/media_files/2025/09/30/450-2025-09-30-18-04-24.jpg)
ডিজিটেল সংবাদ, উৰিয়াগাঁও : নগাঁও জিলাৰ বঢ়মপুৰ ৰাজ্যিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া তথা জ্যেষ্ঠ চিকিৎসক ডা০ বিৰিঞ্চি কুমাৰ শইকীয়াক বিদায় সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে মঙলবাৰে এক সভা অনুষ্ঠিত হয়। বঢ়মপুৰ ৰাজ্যিক চিকিৎসালয়ৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ সভাখনত জ্যেষ্ঠ চিকিৎসক ডা০ বিৰিঞ্চি কুমাৰ শইকীয়াক হস্পিতাল কৰ্তৃপক্ষৰ তৰফৰ পৰা গামোছা, শৰাই, পিতলৰ জাপি আৰু প্ৰশস্তিপত্ৰৰে বিদায় সম্বৰ্ধনা জনোৱা হয়।
ভাষণত বিদায়ী চিকিৎসক ডা০ শইকীয়াই সুদীৰ্ঘ দিন চিকিৎসালয়খনত আগবঢ়োৱা স্বাস্থ্য সেৱাৰ সন্দৰ্ভত স্মৃতি ৰোমন্থন কৰে। চিকিৎসালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি দিলীপ দাসে আঁত ধৰা সভাখনত অৱসৰপ্ৰাপ্ত চিকিৎসক ডা০ লম্বোদৰ হাজৰিকাই চিকিৎসক ডা০ বিৰিঞ্চি কুমাৰ শইকীয়াই চিকিৎসাসেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা কৰ্তব্যনিষ্ঠা তথা দায়বদ্ধতাৰ সম্পৰ্কত শলাগ লয়।
সভাত বঢ়মপুৰ বাৰগঞা সমাজৰ সভাপতি দয়াৰাম কলিতা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ নলিনী কুমাৰ বৰাই ভাষণত বিদায় চিকিৎসকগৰাকীয়ে আগন্তক দিনটো চিকিৎসাসেৱাৰ ক্ষেত্ৰত নিজকে নিয়োজিত কৰি মানৱ কল্যাণৰ বাবে কাম কৰি যাবৰ বাবে আহ্বান জনায়। সভাত চিকিৎসালয়খনৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী লক্ষী কলিতা, দুলাল বৰুৱাই ভাষণত বিদায়ী চিকিৎসকগৰাকীৰ লগত কৰ্মজীৱনৰ অতীত স্মৃতি ৰোমন্থন কৰি আবেগিক হৈ পৰে।
সভাত অৱসৰপ্ৰাপ্ত শিক্ষক কৃষ্ণৰাম বৰা, শিক্ষক পদুম বৰুৱাই হস্পিতালখনত চিকিৎসকগৰাকীয়ে দীৰ্ঘদিন চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ সন্দৰ্ভত প্ৰশংসা কৰে আৰু বিদায়ী চিকিৎসক শইকীয়াক অনাগত দিনতো চিকিৎসাসেৱাৰ লগতে সমাজসেৱাৰ কামত ব্ৰতী হ'বৰ বাবে আহ্বান জনায়।
সভাত চিকিৎসক ডা০ গীতাঞ্জলী নাথ, সমাজকৰ্মী মনোজ ভূঞা,সঞ্জীৱ ভাগৱতী,বঢ়মপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী নিলাক্ষী কাকতি বৰা, সাংবাদিক নিপুল বৰা, অৱসৰপ্ৰাপ্ত গাঁওপ্ৰধান দিলীপ বৰা আদিয়ে ভাষণ প্ৰদান কৰি বিদায়ী চিকিৎসকগৰাকীৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। সভাত বঢ়মপুৰ অঞ্চলৰ কে'বাগৰাকী ব্যক্তিয়ে বিদায়ী চিকিৎসক গৰাকীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।