/asomiyapratidin/media/media_files/2025/08/27/192-2025-08-27-19-03-40.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ : এগৰাকী গাঁও প্ৰধান হিচাপে জীৱনৰ সুদীৰ্ঘ দিন নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা হেলেম মৌজাৰ অন্তৰ্গত চন্দামাৰী নিবাসী পদ্মেশ্বৰ শইকীয়াক বুধবাৰে আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সেই উপলক্ষে হেলেম মৌজাৰ কাৰ্য্যলয়ত মৌজাদাৰ গায়ত্ৰী মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন বিদায় সম্বৰ্ধনা সভা।
কাৰ্য্যলয় সহায়ক যাদৱ ভড়ালীয়ে আঁত ধৰা সভাখনত বিদায়ী গাঁও প্ৰধান পদ্মেশ্বৰ শইকীয়াক এখন ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰি তেওঁৰ নিষ্ঠা আৰু সততাৰে কৰা কামৰ শলাগ লোৱা হয়। পদ্মেশ্বৰ শইকীয়া এগৰাকী দায়িত্বশীল আৰু শৃংখলাবদ্ধ গাঁও প্ৰধান আছিল বুলি মৌজাদাৰ গায়ত্ৰী মহন্তই ভাষণত উল্লেখ কৰে।
উক্ত সভাখনত হেলেম মৌজাৰ গাঁও প্ৰধান ক্ৰমে গোলাপ সিং,চিৰঞ্জীৱ নৰহ, কিশোৰ কাৰ্ডং, ৰাজীৱ পৌখৰেল, জিনত পায়েং, বিশ্বজিৎ গগৈ আৰু দীনকান্ত দাস উপস্থিত থাকে। বিদায় সম্বৰ্ধনা গ্ৰহণ কৰি পদ্মেশ্বৰ শইকীয়াই সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।