বিবাহ বিচ্ছেদ হোৱা কন্যাৰ পেঞ্চন, নিঃসন্তান বিধৱাৰ পেঞ্চনৰ নিয়মৰ পৰিৱৰ্তন

পেঞ্চনাৰৰ জীৱনকালত কন্যাৰ যদি বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ হয়, তেন্তে কন্যাই আদালতৰ সিদ্ধান্তলৈ অপেক্ষা নকৰাকৈয়ে নিজৰ সম্পূৰ্ণ পেঞ্চনৰ ধন দাবী কৰিব পাৰিব। এতিয়াৰে পৰা পদ্ধতিগত পলমৰ বাবে আৰ্ত মহিলাসকলক আৰ্থিকভাৱে দুৰ্বল কৰি ৰখা নহয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
পৰিয়ালৰ পেঞ্চন ব্যৱস্থাৰ সংস্কাৰ

পৰিয়ালৰ পেঞ্চন ব্যৱস্থাৰ সংস্কাৰ

ডিজিটেল ডেস্ক: পেঞ্চনাৰৰ জীৱনকালত কন্যাৰ যদি বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ হয়, তেন্তে কন্যাই আদালতৰ সিদ্ধান্তলৈ অপেক্ষা নকৰাকৈয়ে নিজৰ সম্পূৰ্ণ পেঞ্চনৰ ধন দাবী কৰিব পাৰিব। এতিয়াৰে পৰা পদ্ধতিগত পলমৰ বাবে আৰ্ত মহিলাসকলক আৰ্থিকভাৱে দুৰ্বল কৰি ৰখা নহয়। মহিলাসকলৰ বাবে লিংগ সমতা আৰু আৰ্থিক স্বাধীনতা বৃদ্ধিৰ বাবে চৰকাৰে এনেধৰণৰ কেইবাটাও বৈপ্লৱিক পৰিৱৰ্তন ৰূপায়ণ কৰিছে। চৰকাৰী সেৱা আৰু ইয়াৰ বাহিৰৰ মহিলাসকলৰ জীৱনৰ মান উন্নত কৰাৰ বাবে যুগান্তকাৰী নীতিৰ নেতৃত্ব দিছে বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে। বিশেষকৈ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে এই পৰিৱৰ্তনসমূহৰ ক্ষেত্ৰত আগ-ভাগ লৈছে বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে,  ইয়াৰ পূৰ্বে বিবাহ বিচ্ছেদ হোৱা হোৱা কন্যাই মৃত পিতৃ-মাতৃৰ হৈ পাৰিবাৰিক পেঞ্চন লাভ কৰিবলৈ দীঘলীয়া আইনী যুঁজৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল। 

ইফালে নতুন নিয়মৰ অধীনত নিঃসন্তান বিধৱাক সহায় কৰাৰ ক্ষেত্ৰতো চৰকাৰে এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। মহিলাগৰাকীয়ে পুনৰ বিবাহপাশত আবদ্ধ হলে, যেতিয়ালৈকে তেওঁৰ স্বতন্ত্ৰ আয় নূন্যতম পেঞ্চনৰ সীমাতকৈ কম হয়, তেতিয়ালৈকে মৃত স্বামীৰ পেঞ্চন সংগ্ৰহ কৰি থাকিব পাৰিব। এই নিয়মে এগৰাকী বিধৱাই আৰ্থিক স্থিতিশীলতা হেৰুৱাই নিজৰ জীৱন পুনৰ নিৰ্মাণ কৰাৰ অধিকাৰক স্বীকৃতি দিব। এয়া চৰকাৰৰ দ্বাৰা মহিলাৰ বাবে অৰ্থনৈতিক স্বাধীনতাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

পেঞ্চন সংস্কাৰৰ উপৰিও মহিলা চৰকাৰী কৰ্মচাৰীক সহায় কৰিবলৈ চৰকাৰে কৰ্মক্ষেত্ৰৰ প্ৰগতিশীল নিয়ম কাৰ্যকৰী কৰিছে। এতিয়া চাইল্ড কেয়াৰ লিভ (চিচিএল) নীতিসমূহ অধিক নমনীয় কৰি তোলা হৈছে। একক মাতৃয়ে এতিয়া পৰ্যায়ক্ৰমে দুবছৰ পৰ্যন্ত ছুটী ল’ব পাৰিব। 

widows pension divorced daughter family pension