/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D7uT5cmWwAAn_CJ.jpg)
ডিজিটেল ডেস্কঃ ৩০ মে'ত প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব নৰেন্দ্ৰ মোডীয়ে। পশ্চিমবংগত দুৰ্বৃত্তৰ গুলীচালনাত নিহত বিজেপি কৰ্মী চন্দন শ্ব'ৰ পত্নী তথা পৰিয়ালৰ লোকক প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ জনায়।
ইফালে, এই সন্দৰ্ভত সদ্যপ্ৰয়াত বিজেপি কৰ্মীগৰাকীৰ পত্নীয়ে কয়- 'মোৰ স্বামীয়ে প্ৰধানমন্ত্ৰী মোডীৰ জয়ৰ বাবে নিজৰ প্ৰাণ আহুতি দিলে। এতিয়া আমাক ন্যায় লাগে।' উল্লেখ্য যে, দেওবাৰৰ নিশা বিজেপি কৰ্মী চন্দন শ্ব' অচিনাক্ত দুৰ্বৃত্তই পশ্চিমবংগৰ ভাটাপাৰত গুলীয়াই হত্যা কৰিছিল।