FAKE VIDEO: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ অমিতাভ বচ্চনে KBCত সোধাই নাছিল কোনো প্ৰশ্ন...

যোৱা ২৪নৱেম্বৰ, ২০২৫ৰ নিশাৰে পৰা সকলোৰে ফোনে আৰু সামাজিক মাধ্যমত বিয়পি পৰিছে এটা বিশেষ ভিডিঅ'। অমিতাভ বচ্চনৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব' 'কৌন বনেগা কৌৰৰপতি' শীৰ্ষক অনুষ্ঠানটোত সোধা এটা বিশেষ প্ৰশ্নৰ  ক্লীপ আছিল উক্ত ভিডিঅটোত।

author-image
Asomiya Pratidin
New Update
bjjdd

ডিজিটেল ডেস্কঃ যোৱা ২৪নৱেম্বৰ, ২০২৫ৰ নিশাৰে পৰা সকলোৰে ফোনে আৰু সামাজিক মাধ্যমত বিয়পি পৰিছে এটা বিশেষ ভিডিঅ'। অমিতাভ বচ্চনৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব' 'কৌন বনেগা কৌৰৰপতি' শীৰ্ষক অনুষ্ঠানটোত সোধা এটা বিশেষ প্ৰশ্নৰ  ক্লীপ আছিল উক্ত ভিডিঅটোত। 

ভিডিঅ ক্লীপটোত অমিতাভ বচ্চনে সন্মুখত থকা প্ৰতিযোগীগৰাকীক সুধিছিল এটা বিশেষ প্ৰশ্ন। প্ৰশ্নটো আছিল- বিজেপিৰ সবাতোকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীগৰাকী কোন? প্ৰশ্নটোত আছিল চাৰিটা অপশ্যন। তাৰে এটা অপশ্যনত আছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম। আৰু ভিডিঅটোত দেখুওৱা হৈছে যে, এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে হিমন্ত বিশ্ব শৰ্মা। অৰ্থাত বিজেপিৰ সবাতোকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি কোৱা হৈছে ভিডিঅটোত।

বনজুঁইৰ দৰে এই ভিডিঅটো সামাজিক মাধ্যমত বিয়পি পৰিল। আনহে নালাগে বিৰোধীৰ বহু কেইগৰাকী নেতাই এই ভিডিঅটো শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাক কটাক্ষ কৰিলে। এনেকৈয়ে প্ৰায় ৩৬ঘন্টা ধৰি মোবাইলে মোবাইলে বিয়পি থাকিল ভিডিঅ'টো। অৱশেষত এই ভিডিঅটোত চকু পৰিল অসম আৰক্ষীৰ।

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই পোহৰলৈ আনিলে যে, আঁচলতে এই ভিডিঅটো ভুৱা। কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ জৰিয়তে এই ভিডিঅটো সম্পাদিত কৰা হৈছে। ৰাজ্য তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাইও এই ভিডিঅটোক লৈ স্পষ্টীকৰণ দিলে। এনে কাম কৰাৰ সকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও ক'লে মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত লিখিলে যে,  সামাজিক মাধ্যমত একাংশ নিকৃষ্ট লোকে মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াক লক্ষ্য কৰি এটি ভুৱা ভিডিঅ’ প্ৰচাৰ কৰি থকা দৃষ্টিগোচৰ হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীনভাৱে ভিডিঅ' সম্পাদনা কৰি প্ৰচাৰ কৰি থকা কাৰ্য অতি নিন্দনীয়। এনে ভিত্তিহীন তথ্য সম্বলিত ছবি, ভিডিঅ' আদি প্ৰচাৰ কৰাৰ বিৰত থাকিবলৈ সকলোকে আহ্বান জনাইছোঁ। তদুপৰি, এনে ভুল তথ্য সৃষ্টি কৰা, বিকৃতভাৱে উপস্থাপন কৰা বা প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে কঠোৰভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

অসম