/asomiyapratidin/media/media_files/2026/01/19/whatsapp-image-m-2026-01-19-17-36-09.jpeg)
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ মিঞা আইটি চেলৰ নিকৃষ্ট কাণ্ড। গণতন্ত্ৰৰ ভিত্তিক কঁপাই তুলিবলৈ কংগ্ৰেছৰ মিঞা আইটি চেলে সু-সংগঠিতভাৱে ভুৱা চৰকাৰী নথি ব্যৱহাৰ কৰি সামাজিক মাধ্যমত ভ্ৰান্তিকৰ প্ৰচাৰ চলোৱা বুলি এক ফেচবুক পোষ্ট কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই।
কংগ্ৰেছৰ মিঞা আইটি চেলৰ সৈতে সম্পৰ্কিত এক গোটে ভাৰত চৰকাৰৰ নকল লেটাৰহেড আৰু ভুৱা স্বাক্ষৰ ব্যৱহাৰ কৰি ভ্ৰান্তিকৰ তথ্য WhatsApp গ্ৰুপসমূহত প্ৰচাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এয়া উদ্দেশ্য প্ৰণোদিতভাৱে কৰা জালিয়াতি আৰু চৰকাৰী পৰিচয়ৰ অপব্যৱহাৰৰ সৈতে জড়িত এক গুৰুতৰ অপৰাধ। ইয়াৰ জৰিয়তে ন্যস্ত স্বাৰ্থজড়িত মহলে ভুল তথ্য বিয়পাই সাংবিধানিক পদমৰ্যাদাক বদনাম কৰিবলৈ পাকে-প্ৰকাৰে প্ৰচেষ্টা চলাইছে।
উল্লেখ্য যে, মন্ত্ৰী পীয়ুষ হাজৰিকাই সামাজিক মাধ্যমত কৰা পোষ্টৰ যোগেদি মন্ত্ৰীগৰাকীয়ে কয়- "কংগ্ৰেছৰ মিঞা আইটি চেলৰ নিকৃষ্ট কাণ্ড উন্মোচন... কংগ্ৰেছৰ মিঞা আইটি চেলৰ এটি গোটে কেনেদৰে ভাৰত চৰকাৰৰ নকল লেটাৰহেড জাল কৰি ভুৱা বাতৰি নিজৰ WhatsApp গোটসমূহত প্ৰচাৰ কৰিছিল, তাৰ অধিক প্ৰমাণ আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ।’
লগতে তেওঁ লিখিছে- ‘BNS ধাৰা ২৭৪ আৰু Emblems Act, 1950 অনুসৰি এয়া এক জামিনবিহীন অপৰাধ, যাৰ বাবে সৰ্বোচ্চ ১০ বছৰৰ কঠোৰ কাৰাদণ্ডৰ বিধান আছে।’ মন্ত্ৰী পীয়ুষ হাজৰিকাই নিজৰ পোষ্টত উল্লেখ কৰে যে, এই ঘটনাৰ সৈতে জড়িত সকলো ব্যক্তিক কৰায়ত্ত কৰিবলৈ ইতিমধ্যে অসম আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে।
তেওঁ এই সুযোগতে ভুৱা বাতৰি আৰু জালিয়াতিৰ দৰে ষড়যন্ত্ৰ উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা কাৰ্যকৰ্তাসকলৰ শক্তিশালী নেটৱৰ্কক লৈ গৌৰৱ প্ৰকাশ কৰে। লগতে পীয়ুষ হাজৰিকাই স্পষ্ট ভাষাত দাবী কৰে যে, কংগ্ৰেছৰ মিঞা আইটি চেলে এই নিকৃষ্ট কাণ্ডৰ প্ৰত্যুত্তৰ অতি শীঘ্ৰেই আইনী প্ৰক্ৰিয়াৰে লাভ কৰিব।
আনহাতে, এই ঘটনাৰ সন্দৰ্ভত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামাজিক মাধ্যমযোগে এক স্পষ্ট ঘোষণা কৰে যে - তেওঁৰ চৰকাৰী লেটাৰহেড আৰু ভুৱা স্বাক্ষৰ ব্যৱহাৰ কৰি এখন সম্পূৰ্ণ ভুৱা চিঠি উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হৈছে। এই কাৰ্যক তেওঁ চৰকাৰী পৰিচয়ৰ অপব্যৱহাৰ আৰু জালিয়াতিৰ এক গুৰুতৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। সোণোৱালে লগতে উল্লেখ কৰে যে এই ভুৱা চিঠিৰ জৰিয়তে ন্যস্ত স্বাৰ্থজড়িত মহলে ভুল তথ্য বিয়পাই সাংবিধানিক পদমৰ্যাদাক হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা চলাইছে।
ইতিমধ্যে এই সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে আৰু আইন প্ৰয়োগকাৰী সংস্থাক অগ্ৰাধিকাৰ ভিত্তিত তদন্ত কৰি দোষীসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে, নিৰ্বাচনী ৰাজনীতিত নকল নথি আৰু ভুৱা চৰকাৰী পৰিচয় ব্যৱহাৰ কৰা প্ৰৱণতা গণতন্ত্ৰৰ বাবে বিপজ্জনক। জনসাধাৰণক সামাজিক মাধ্যমত প্ৰচাৰ হোৱা যিকোনো নথি বা তথ্য চৰকাৰী উৎসৰ জৰিয়তে নিশ্চিত কৰি ল’বলৈও আহ্বান জনোৱা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us