কাছাৰত পুনৰ ভুৱা চিকিৎসক আটক

ভুৱা চিকিৎসকৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। বিগত কেইদিনমানৰ ভিতৰতে ছয়জন ভুৱা চিকিৎসক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পিছত বুধবাৰে পুনৰ এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
310

ডিজিটেল সংবাদ,শিলচৰ : ভুৱা চিকিৎসকৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। বিগত কেইদিনমানৰ ভিতৰতে ছয়জন ভুৱা চিকিৎসক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পিছত বুধবাৰে পুনৰ এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

বৰখলাৰ এখন ফাৰ্মাচীৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ভুৱা চিকিৎসক নীহাৰ হুছেইন মাঝাৰভুঞাক গ্ৰেপ্তাৰ কৰে। বেংগালুৰুৰ এখন মেডিকেল কলেজৰ এম বি বি এছ ৰ ভুৱা ডিগ্ৰী লৈ দীৰ্ঘদিন ধৰি চিকিৎসা প্ৰদান কৰি আহিছে।

গোপন তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে বুধবাৰে নিশা ভুৱা চিকিৎসক জনক গ্ৰেপ্তাৰ কৰে বৰখলা আৰক্ষীয়ে। ভুৱা চিকিৎসকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে ফাৰ্মাচীূখনৰ পৰা বহুতো ভুৱা নথি জব্দ কৰিছে। ভুৱা চিকিৎসকৰ বিৰুদ্ধে  আৰক্ষীয়ে চলোৱা অভিযানক ৰাইজে ভুয়সী প্ৰশংসা কৰিছে ।

শিলচৰ চিকিৎসক