/asomiyapratidin/media/media_files/2025/10/20/19-2025-10-20-10-11-53.jpg)
ডিজিটেল সংবাদ, শিলচৰ : ভুৱা চিকিৎসকৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। দেওবাৰে অভিযান চলাই শিলচৰত পুনৰ এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে শিলচৰ আৰক্ষীয়ে।
শিলচৰ অম্বিকাপট্টিস্হিত হেলথী ইউনিট লাইফ ক্লিনিকত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসকজনক। ধৃত ভুৱা চিকিৎসকজনৰ নাম বিপুল চন্দ্ৰ নাথ।
নিজকে ডা০ বি চি নাথ বুলি পৰিচয় দি দীৰ্ঘদিন ধৰি চিকিৎসা কৰি আহিছিল। ভুৱা চিকিৎসকজনৰ চেম্বাৰৰ পৰা ভুৱা চিকিৎসকৰ ডিগ্ৰী সম্বলিত বহুতো আপত্তিজনক নথি-পত্ৰ আৰু ছীল জব্দ কৰে।
ভুৱা চিকিৎসকজনে দীৰ্ঘদিন ধৰি নিজকে এজন চিকিৎসক হিচাপে পৰিচয় দি বিভিন্ন চেম্বাৰ আৰু ফাৰ্মাচীত চিকিৎসা প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। এইদৰে ভুৱা চিকিৎসা কৰি তেওঁ বহুলোকৰ পৰা ধন আদায় কৰি আহিছিল।
এই অভিযোগ পোৱাৰ পিছত শিলচৰ সদৰ থানাৰ আৰক্ষীয়ে হেলথী ইউনিট লাইফ ক্লিনিক চেম্বাৰখনত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসক বিপুল চন্দ্ৰ নাথ ওৰফে ডা০ বি চি নাথক। গ্ৰেপ্তাৰৰ পিছত আদালতত হাজিৰ কৰোৱা হয় বিপুল চন্দ্ৰ নাথক। আদালতে তেওঁক জেল হাজোতলৈ প্ৰেৰণ কৰে।
বিগত কিছুদিন ধৰি কাছাৰ জিলাত চলা অভিযানত আজিলৈ ১৩ জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই।