শিলচৰত পুনৰ আটক ভুৱা চিকিৎসক

শিলচৰত পুনৰ আটক ভুৱা চিকিৎসক। মেডিকেল কাউন্সিলৰ অভিযোগৰ‌ ভিত্তিত ঘুংগুৰৰ এখন ব্যক্তিগত নাৰ্ছিংহোমৰ পৰা আটক কৰা হয় ভুৱা চিকিৎসক জনক।

author-image
Asomiya Pratidin
New Update
YTAHSAHSAIOJS

ডিজিটেল সংবাদ শিলচৰঃ শিলচৰত পুনৰ আটক ভুৱা চিকিৎসক। মেডিকেল কাউন্সিলৰ অভিযোগৰ‌ ভিত্তিত ঘুংগুৰৰ এখন ব্যক্তিগত নাৰ্ছিংহোমৰ পৰা আটক কৰা হয় ভুৱা চিকিৎসক জনক। ধৃত‌ ভুৱা চিকিৎসক জনৰ নাম পংকজ চৌধুৰী বুলি সদৰি কৰিছে আৰক্ষীয়ে। 

ধৃত‌ ভুৱা চিকিৎসক জনৰ পৰা কাজাখস্তানৰ এখন মেডিকেল কলেজৰ পৰা ভুৱা এমবিবিএছৰ‌ ডিগ্ৰীৰ‌ প্ৰমাণপত্ৰ উদ্ধাৰ কৰা হৈছে। কলকাতাৰ আৰ জি কৰ হাস্পতালৰ পৰা এমডি ডিগ্ৰী লোৱা ভুৱা প্ৰমাণ পত্ৰও উদ্ধাৰ কৰিছে আৰক্ষীয়ে। বৰ্তমান এই নথি সমুহ পৰীক্ষা কৰি আছে আৰক্ষীয়ে। ইয়াৰ পিছতে ভুৱা চিকিৎসক জনক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।

শিলচৰ