/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/86f3223e-067a-4644-81e1-a7183a841592.jpg)
পদূলিত ফাগুন। এই ফাগুনৰো আছে নিজস্ব স্বভাৱ। ফাগুনে যদিও মন উৰুঙা কৰে, কাৰোবাৰ মন বেদনাৰে গধুৰ কৰে, নতুবা ফাগুনৰ উতলা বাঁ লাগি কোনোবা চঞ্চল হয় তথাপি ফাগুনৰ বুকুতে লুকাই থাকে জীৱনৰ বতৰা, বহাগৰ বতৰা, বসন্তৰ আগমনৰ বতৰা । সমাগত ফাগুনক লৈ ৰহা সংবাদদাতাৰ সহযোগত অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণৰ বিশেষ প্ৰতিবেদন…
মোকতো পোৱাই চিনি,মই যে ফাগুন।
অঁকৰা কবিৰ স'তে চুপতি মৰাৰ বাবে
মোৰতো বহুত বদনাম।
চাদৰৰ আঁচলেৰে নিচান উৰুওৱা আৰু
ধূলিৰে দুচকু ঢাকি
অচিনাকী বান্ধৱীৰ প্ৰথম দেখাৰ মূহূৰ্তটো
খেলিমেলি কৰি দিয়া মোৰ অতি জঘন্য অভ্যাস…..
এয়াই ফাগুন। শীতৰ সেমেকা পুৱাৰ কুঁৱলীবোৰ লাহে লাহে আঁতৰাই ধৰাত ভুমুকি মাৰিব ফাগুনে। ডাঠ কুৱলীৰ আৱৰণ, নিয়ৰসৰা নিশাৰ লগতে নিৰ্জন নীৰৱ দুপৰবোৰে ক্ৰমশ: বিদায় ল'ব। তেতিয়া নাথাকিব আঘোণৰ ধাননি, নাথাকে তুষাৰময় শীতলতা, থাকিব মাথো এজাক মনপৰষা বতাহৰ সৈতে দুবাহু প্ৰসাৰি নতুনতকৈ থিয় দিয়া গছবোৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/IMG-20170311-WA0029.jpg)
ফাগুনক লৈ কবি সকলোৰো আছে অবুজ দু্ৰ্বলতা। এই ফাগুনতেই ডুব যায় কতজন অকঁৰা কবিৰ অনাবিল অনুভৱ। এই অনুভৱৰ পৰাই সৃষ্টি হৈছে বহু বিখ্যাত কবিতা। ফাগুন অনন্য! লঠঙা গছজোপাক হঠাতে মেঘৰ পৰা সৰি পৰা কিনকিনীয়া বৰষুণজাকে জীপাল কৰে। চৌপাশ নতুবা এটা স্বত:স্ফূৰ্ত ৰ'দে কোমল ৰহণ সানি নীলাভ কৰে আকাশ- এয়াই ফাগুনৰ অভ্যাস।
উতলা ফাগুনে পলাশ, মদাৰ, শিমলুক ৰঙাবেশত সজায়। ফাগুনৰ এই ৰঙ সৌন্দৰ্যৰ। আচলতে ফাগুন মানেই ৰং। এফালে প্ৰকৃতিৰ সপোন যেন লগা অতুলনীয় তথা বৈচিত্ৰ্যময় নাচোন আনফালে ৰঙৰ উৎসৱ ফাকুৱা। এই সকলোবোৰ ৰঙৰ সমাহাৰেই ধৰালৈ নামে ফাগুন।
ফাগুন মাহৰ পূর্ণিমা তিথিতে ভগৱান শ্রীকৃষ্ণৰ দৌলযাত্রা আৰম্ভ হয়৷ এই উৎসৱত শ্রীকৃষ্ণক পূজা কৰা হয় আৰু ইজনে সিজনক ফাকু সানি কৰে ৰঙৰ খেলা। এই উৎসৱক ফল্গূৎসৱ বা ফাকুৱা বুলি কোৱা হয়৷ এই উপলক্ষে বৰপেটাৰ কীর্তনঘৰত এক ডাঙৰ উৎসৱ পালন কৰে৷ ভক্তসকলৰ আৰাধ্য দেৱতা শিৱ মহাদেৱৰ পূজা ভাগ এই মাহতে উদযাপন কৰা হয়৷
নৱপ্ৰজন্মৰ মাজতো ফাগুনক লৈ বিশেষ চৰ্চা। ছচিয়েল মিডিয়াতো হয় ফাগুনক লৈ বিশেষ চৰ্চা। বহু কেইখন ই আলোচনীত প্ৰকাশ হয় ফাগুনক লৈ বহু কবিতা। সকলোৱে নিজস্বভাৱে ফাগুনক উপভোগ কৰে। সকলোৱে বৰ্ণনা দিবলৈ চেষ্টা কৰে ফাগুনক। কিন্তু মায়াবী ফাগুনক শব্দৰ মায়াজালেৰে ধৰি ৰখাটো যে কঠিন। তথাপিও ফাগুন সকলোৰে প্ৰিয়। ফাগুনক লৈ এখন ই আলোচনীৰ পৃষ্ঠাত প্ৰকাশ পোৱা কবিতাৰ কিছু অংশ –
হিলদ'ল ভাঙি
ফাগুন আহিছে
বুকুৰ দুখবোধ চকুলো সামৰি
উৰুলীকৃত হৈ
ফাগুন আহিছে
মুঠি মুঠি ৰং লৈ
ৰঙা ৰঙা ৰং লৈ
গুণ গুণ গান এটি হৈ
তেজৰঙা ফাগুন আহিছে…
ফাগুনক লৈ কিছু লোকৰ আছে অদ্ভুত যুক্তি। কিছুলোকে যুক্তি দৰ্শাই যে ফাগুন মানেই ধূলি, ধূলি মানেই শুকান। আৰু এই শুকান ফাগুনে নানে কোনো আশাৰ বতৰা । কিন্তু তথাপিও ফাগুনৰ আছে নিজস্ব স্বভাৱ। ফাগুনৰ সংজ্ঞা কোনোৱে দিব নোৱাৰে।
ফাগুনত পলাশ ফুলে, ফুলে মদাৰো। পিছে সুবাস বিহীন বাবেই নেকি নলগায় পুজা কামত অথবা কোনো প্ৰিয়তমাৰ খোপাত এই পলাশ, মদাৰ । সুবাস বিহীন হ'লেও মদাৰ, পলাশে দিয়ে ফাকুৱাৰ আগজাননীৰ। কাৰণ ৰঙৰ মাজতেই সীমাবদ্ধ আমাৰ জীৱন।ফাগুনৰ এই মদাৰ ফুলক লৈ সুধাকন্ঠই গাইছিল-
মদাৰৰে ফুল হেনো পূজাতো নেলাগে
মদাৰৰে ফুল হেনো সবাহত নেলাগে
লাগে পিচে ব'হাগতে ৰং সানিবলেʼ
লাগে পিচে আকাশতে জুই জ্বলাবলেʼ।
কোনোবাই মোক হেনো মদাৰৰে ৰিজালে
আমাৰ দৰে লোক হেনো কামে-কাজে নেলাগে
লাগে পিচে সমাজতে ৰং সানিবলেʼ
লাগে পিচে আকাশতে জুই জ্বলাবলেʼ।
সকলোবোৰ সামৰি ফাগুনে বতাহত কঢ়িয়াই আনে বহাগৰ বতৰা। বিহুগানতো ফাগুনে গীতিকাৰক আমনি কৰে। নীলাভ আকাশৰ পৰা কন্ঠ দি পলকতে কৰবাৰ পৰা যেন বৈ আহে গা-মন উগুল থুগুল লগোৱা সেই বিহুগান। সেয়েহে গীতিকাৰে লিখিছে-
ফাগুনী মলয়াই ঐ
দেহা-মন উৰুৱাই ঐ ….."
সচাকৈয়ে ফাগুন অনন্য। ফাগুন প্ৰকৃতিৰ হে, পিছে এনে লাগে যেন ফাগুন আহে হৃদয়ৰ বাবে। যেন হৃদয়ৰ নিভৃততম কোণৰ পৰা বাধা নামানি ওলাই আহিছে এই ফাগুন । ফাগুনে যদিও মন উৰুঙা কৰে, কাৰোবাৰ মন বেদনাৰে গধুৰ কৰে, ফাগুনৰ উতলা বাঁ লাগি কোনোবা চঞ্চল হয় তথাপি ফাগুনৰ বুকুতে লুকাই থাকে নতুন জীৱনৰ বতৰা, বহাগৰ বতৰা, বসন্তৰ আগমনৰ বতৰা৷আজিৰ এই যান্ত্ৰিকতাৰ সময়ত বাৰীৰ পিছফালে থকা সেই শিমলু বা মদাৰ জুপিৰ সুবাহবিহীন ৰঙীন ফুলবোৰক সংগী দিবলৈ যেন কাৰো সময় নাই কিন্তু সেয়াই যে ফাগুনৰ আগজাননী , সেয়া হয়তো আজি সকলোৱে অনুভৱ নকৰে।