নকল চাৰ্জাৰে মাতিব পাৰে বিপদ

বজাত উপলব্ধ আছে বহু পৰিমাণে নকল চাৰ্জাৰ। দেখাত একেই কিন্তু কাম সম্পূৰ্ণ বিপৰীত। নকল চাৰ্জাৰ যদি আপুনি ব্যৱহাৰ কৰি আছে তেন্তে আপোনাৰ মোবাইল ফোন বাষ্ট হোৱাৰ সম্ভাৱনা আছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-12 at 7.34.55 PM

ডিজিটেল ডেস্কঃ মোবাইল ফোনৰ চাৰ্জাৰ ক্ৰয় কৰাৰ আগত ১০০ বাৰ চিন্তা কৰিব। কিয়নো বজাত উপলব্ধ আছে বহু পৰিমাণৰ নকল চাৰ্জাৰ। দেখাত একেই কিন্তু কাম সম্পূৰ্ণ বিপৰীত। নকল চাৰ্জাৰ যদি আপুনি ব্যৱহাৰ কৰি আছে তেন্তে আপোনাৰ মোবাইল ফোন বাষ্ট হোৱাৰ সম্ভাৱনা আছে।

phone charger is real or fake ...

উল্লেখ্য যে, কেইটামান বস্তু আপুনি ভালদৰে মন কৰিলে নকল মোবাইল চাৰ্জাৰ ধৰা পেলাব পাৰিব।  প্ৰথমে পেকেজিঙৰ মানদণ্ড পৰীক্ষা কৰিব লাগিব। যদি ইয়াৰ পেকেজিঙ পাতল বা দাঁতযুক্ত  হয় তেন্তে নকল হব পাৰে সেই মোবাইল চাৰ্জাৰডাল। ইপিনে মোবাইলৰ অৰ্ডিনেল চাৰ্জাৰবোৰ গধুৰ  হয় কেতিয়াও পাতল নহয় । যদি পাতন হয় তেনেতে সেয়া নকল চাৰ্জাৰ। 

images (9)

আনপিনে ফোনৰ চাৰ্ডাৰ ক্ৰয় কৰাৰ আগতে মূল্য ভালদৰে চাই লব।যদি এডাল ব্ৰেণ্ডেড চাৰ্জাৰৰ দাম ১,০০০ টকা আৰু আপুনি ২০০-৩০০ টকাত পাইছে, তেন্তে ই ৯৯% ভুৱা। এনেদৰেই আপুনি  চাৰ্জাৰ আচল নে নকল চাব পাৰিব । 

মোবাইল চাৰ্জাৰ