/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/facebook_3695826_835x547-m.jpg)
ডিজিটেল ডেস্কঃ আন্তৰ্জাতিক সংবাদ মাধ্যমত আকৌ চৰ্চাত মাৰ্ক জুকাৰবাৰ্গৰ ফেচবুক। এইবাৰ চৰ্চাৰ বিষয় ১৩ বছৰীয়া কিশোৰী আৰু ৫০ বছৰীয়া পুৰুষ। ফ্ৰেণ্ড ছাগেশ্যনৰ ক্ষেত্ৰত বিশ্বৰ সৰ্ববৃহৎ ছ'চিয়েল মিডিয়াৰূপে পৰিগণিত সংস্থাটোৱে গ্ৰহণ কৰা শেহতীয়া নীতিৰ বাবে এতিয়া সমালোচনাৰ সন্মুখীন হ'বলগীয়াত পৰিছে।
আগশাৰীৰ ইংৰাজী দৈনিক 'দ্য টেলিগ্ৰাফ'ত প্ৰকাশিত খবৰ অনুযায়ী ফেচবুকে নতুনকৈ একাউণ্ট খোলা ১৩ বছৰীয়া কিশোৰীসকলক ৩০০ৰো অধিক ফ্ৰেণ্ড ছাগেশ্যন স্বয়ংক্ৰিয়ভাৱে প্ৰদান কৰে। এইখিনিলৈকে ঠিকে আছিল যদিও সমস্যা এয়াই যে যি ৩০০ ছাগেশ্যন প্ৰদান কৰে তাৰ অধিকাংশই হৈছে ৫০ উৰ্ধৰ পুৰুষৰ একাউণ্ট।
১৩ বছৰীয়া কিশোৰীসকলক কিয় ৫০ উৰ্ধৰ পুৰুষৰ সৈতে বন্ধুত্ব গঢ়িবলৈ ফেচবুকে এনেদৰে আওপকীয়াকৈ পৰামৰ্শ আগবঢ়াইছে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ইউৰোপৰ শিশু-কিশোৰৰ অধিকাৰৰ হকে কাম কৰি অহা একাধিক সংস্থাই। ইয়াৰ জৰিয়তে ফেচবুকে কিশোৰীসকলক ৫০ উৰ্ধৰ বহু পুৰুষৰ অনলাইন নিৰ্যাতনৰ বলি হ'বলৈ এৰি দিয়া বুলিও অভিযোগ উত্থাপন কৰিছে।
অৱশ্যে উক্ত সংস্থাসমূহৰ এনে অভিযোগ পোনছাটেই নাকচ কৰিছে জুকাৰবাৰ্গৰ প্ৰতিষ্ঠানটোৱে। ফেচবুকৰ এগৰাকী শীৰ্ষ বিষয়াই কয় যে প্ৰতিষ্ঠানটোৱে উত্থাপিত অভিযোগৰ দৰেকৈ বিশেষ ছফট'ৱেৰৰ সহায়ত ইচ্ছাকৃতভাৱে তেনে কোনো কাম কৰা নাই। ফেচবুকত সকলোধৰণৰ সুৰক্ষাৰ ব্যৱস্থা আছে বুলিও বিষয়াগৰাকীয়ে দাবী কৰে।
সেয়া হ'লেও কমবয়সীয়া কিশোৰীসকলক আদহীয়া পুৰুষৰ সৈতে বন্ধুত্ব গঢ়িবলৈ ফেচবুকে আগবঢ়োৱা পৰামৰ্শ শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনাইছে ইউৰোপীয় সংস্থাসমূহে। অন্যাথাই ফেচবুকৰ বিৰুদ্ধে জনমত গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিছে ইংলেণ্ডৰ নেশ্যনেল ছ'চাইটি ফৰ প্ৰিভেনশ্যন অব ক্ৰুৱেলিটি টু চিলড্ৰেন নামৰ সংস্থাটোৱে।