/asomiyapratidin/media/media_files/2025/02/25/VzLVS9KkFXkTOnqJuTE4.webp)
ডিজিটেল সংবাদ, গুৱাহাটী : কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গডকা গাঁৱৰ শালৈ চুবুৰীৰ শ্ৰীশ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগনত শ্ৰীশ্ৰী মদ্ভাগৱত পাঠৰ সোণালী জয়ন্তী বৰ্ষ অহা ১৬ আৰু ১৭ নৱেম্বৰত উদযাপনৰ বাবে সংশ্লিষ্ট অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজে ব্যাপক প্ৰস্তুতি চলাইছে বুলি মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি গকুল কাকতিয়ে জানিবলৈ দিছে। ইতিমধ্যে স্থানীয় বিধায়ক দিগন্ত কলিতাক মুখ্য সভাপতি, হৰমোহন কাকতি সভাপতি, শচীন্দ্ৰ নাথ দাস, ৰমণী কাকতিক উপ-সভাপতি, পল্লৱ কাকতিক সাধাৰণ সম্পাদক, জয়ন্ত কাকতি, মানৱ কাকতিক সহ: সম্পাদক হিচাপে লৈ এখনি শক্তিশালী সোণালী জয়ন্তী উদযাপন সমিতি গঠন কৰিছে।
কাৰ্যসূচী অনুসৰি ১৬ নৱেম্বৰৰ পুৱা ৬-৩০ বজাত প্ৰভাত বন্দনা, ৭-৩০ বজাত থাপনাত বন্তি প্ৰজ্বলন কৰিব শ্ৰীশ্ৰী বিষ্ণু মন্দিৰৰ দেউৰী উপেন কাকতিয়ে। ৮-৩০ বজাত মূল ধ্বজা উত্তোলন কৰিব সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি মুখ্য সভাপতি দিগন্ত কলিতাই।
ইয়াৰ পিছতে ধৰ্মীয় পতাকা উত্তোলন কৰিব সমিতিৰ সভাপতি হৰমোহন কাকতিয়ে। সমান্তৰালকৈ ৫০খন স্মৰণীয় পতাকা উত্তোলন কৰা হ'ব। ৯-৩০ বজাত স্মৃতি তৰ্পণ কৰিব অধিবক্তা জয়ন্ত ডেকাই।
ইয়াৰ পিছতে গছপুলি ৰোপণ কৰিব মহেশ্বৰ দাস, পৰেশ বৈশ্য, হেমেন দাস, খগেন বড়ো, মোন্নাফ আলী, গোপাল চন্দ্ৰ কাকতি, ৰমেন কাকতি আৰু তাইজুল আলীয়ে। ১০ বজাত শ্ৰীশ্ৰী মদ্ভাগৱত লৈ শোভাযাত্ৰা উলিওৱা হ'ব।
শোভাযাত্ৰা উদ্বোধন কৰিব সদৌ অসম নাগাৰা নাম সংঘৰ সভাপতি নাগাৰাসূৰ্য ৰামচৰণ ভৰালীয়ে। আমন্ত্ৰিত অতিথি হিচাপে অংশ ল'ব বোলছবি অভিনেতা মন্মথ বৰুৱাই।
দিনৰ ১ বজাত ভাগৱত স্থাপন কৰিব অৱসৰী শিক্ষক বলেন্দ্ৰ নাথ বৈশ্যই । ১-৩০ বজাত ভাগৱত পাঠ কৰিব নৱকান্ত দাসে। ৩ বজাত গড়কা শালৈ চুবুৰীৰ আমন্ত্ৰিত জী-জোঁৱাইৰ সম্বৰ্ধনা অনুষ্ঠান, সন্ধিয়া ৫-৩০ বজাত ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰিব অৱসৰী শিক্ষক সতীশ কুমাৰ ডেকা, ৰুদ্ৰ চহৰীয়াই।
বন্তি প্ৰজ্বলন কৰিব উত্তৰ পূব প্ৰান্ত বজৰংগ দলৰ সহ: সংযোজক মৃদূল ডেকা, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি মৃদুল পাটোৱাৰীয়। ইয়াৰ পিছতে ৩৫ জন বিশিষ্ট ব্যক্তিয়ে বন্তি প্ৰজ্বলন কৰিব। সন্ধিয়া ৭ বজাৰ পৰা হ'বলগীয়া নাগাৰা নাম উদ্ধোধন কৰিব সমাজসেৱক অংকুৰ দাসে । নাম পৰিৱেশন কৰিব ছিপাঝাৰৰ সুভাষ নাথ আৰু দৰঙৰ কুসুম দেৱীয়ে।
১৭ নৱেম্বৰৰ পুৱা ৬ বজাত পৰিৱেশ নিকাকৰণ, ৭ বজাত থাপনাত বন্তি প্ৰজ্বলন কৰিব উপেন কাকতি, নিবাৰণ কাকতি, হৃদয় কাকতিয়ে। ৯ বজাত ভাগৱত পাঠ কৰিব উত্তৰ লক্ষীমপুৰৰ জগত বনিয়াই ।
দিনৰ ২-৩০ বজাত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি, নাট্যকাৰ প্ৰফুল্ল বৰ্মনৰ সঞ্চালনাত হ'বলগীয়া ধৰ্মালোচনী সভাত নিৰ্দিষ্ট বক্তা হিচাপে জগত বনিয়া, সাংবাদিক দীপক শৰ্মাই অংশ ল'ব। সভাত নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ, চিকিমৰ প্ৰাক্তন মহাধিবক্তা চিন্ময় চৌধুৰী,সদৌ অসম উকিল সন্থাৰ কাৰ্যকৰী সভাপতি মানস শৰণীয়া, অধ্যাপক অজিত তালুকদাৰ, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, প্ৰাণজিৎ চৌধুৰী, ডা: হৃদয় দাস, অজিত শালৈ, অশ্বিনী বৈশ্য, ৰজনী শালৈ, বিনয় কাকতি, বংকিম শৰ্মা, জগদীশ ভৰালী, গোপাল চন্দ্ৰ বৈশ্য, প্ৰদীপ কুমাৰ ভৰালী প্ৰমুখ্যে ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰিব।
এই সভাতে গিৰিণ চন্দ্ৰ দাসক সভাপতি আৰু নৱকান্ত দাসক সম্পাদক হিচাপে লৈ প্ৰকাশ কৰা স্মৃতিগ্ৰন্থখনি উন্মোচন কৰিব বিজেপিৰ অসম প্ৰদেশ সমিতিৰ সম্পাদক ৰাতুল শৰ্মাই। সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন কৰিব ৩৮ গৰাকী বিশিষ্ট ব্যক্তিয়ে। সন্ধিয়া ৬ বজাত একনাম পৰিৱেশন কৰিব প্ৰদীপ বৈশ্যই ।
৭ বজাত নাগাৰা নাম অনুষ্ঠান উদ্বোধন কৰিব সমাজসেৱক নয়নমণি বৈশ্যই । নাম পৰিৱেশন কৰিব সাহান, কামৰূপৰ ৰাজীৱ ডেকা আৰু তামুলপুৰৰ মিতালী বৰুৱাই। দুয়ো দিনৰ সকলো কাৰ্যসূচীতে সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us