গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পতাৰ বাবে ব্যাপক প্ৰস্তুতি মিঞা মুছলমানৰ

মিঞা প্ৰধান অঞ্চলত নায়ক গৌৰৱ গগৈ, খলনায়ক হিমন্ত বিশ্ব শৰ্মা। অসমৰ ৰাজনীতিত ভোটাৰৰ মনোভাবত স্পষ্ট বিভাজনৰ ছবি ! মিঞা প্ৰধান অঞ্চলত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে।

author-image
Asomiya Pratidin
New Update
28

ডিজিটেল সংবাদ, গুৱাহাটী : মিঞা প্ৰধান অঞ্চলত নায়ক গৌৰৱ গগৈ, খলনায়ক হিমন্ত বিশ্ব শৰ্মা। অসমৰ ৰাজনীতিত ভোটাৰৰ মনোভাবত স্পষ্ট বিভাজনৰ ছবি ! মিঞা প্ৰধান অঞ্চলত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে।

বিশেষকৈ মিঞা মুছলমানসকলৰ আটাইতকৈ প্ৰিয় নেতা হৈছে গৌৰৱ গগৈ। এটা কথা মন কৰিব লগীয়া যে, সংখ্যালঘু অঞ্চলত AIDUFৰ পৰিৱৰ্তে কংগ্ৰেছে ধুমুহাৰ সৃষ্টি কৰিছে লগতে তেওঁলোকে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পতাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে।

যেন মিঞা প্ৰধান অঞ্চলত নায়ক হৈ পৰিছে গৌৰৱ গগৈ আৰু খলনায়কৰ খিতাপ লাভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ অসন্তোষ প্ৰকাশ কৰিছে সংখ্যালঘু একাংশ মিঞা মুছলমানে। হিমন্ত বিশ্ব শৰ্মাক কোনো কাৰণতেই পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচৰা নালাগে বুলি মত প্ৰকাশ কৰে একাংশ সংখ্যালঘু মিঞা মুছলমানসকলে।

উল্লেখ্য যে, সংখ্যালঘু সমাজৰ একাংশই দাবী কৰিছে যে, বৰ্তমানৰ শাসনকালত তেওঁলোক অসুৰক্ষিত আৰু কষ্টৰ সন্মুখীন হৈছে। সেয়েহে হিমন্ত বিশ্ব শৰ্মাক কোনো কাৰণতেই পুনৰ মুখ্যমন্ত্ৰী হিচাপে নিবিচাৰে তেওঁলোকে।

শেহতীয়াকৈ প্ৰকাশ পোৱা ‘ভোট ভাইব’ সমীক্ষা অনুসৰি, মুছলমান ভোটাৰৰ প্ৰায় ৭৯ শতাংশই গৌৰৱ গগৈক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে। বহু সংখ্যালঘু এলেকাত AIDUFৰ পৰিৱৰ্তে কংগ্ৰেছৰ সংগঠনিক উপস্থিতি দৃশ্যমানভাৱে বৃদ্ধি পোৱা দেখা গৈছে।

ইয়াৰ সমান্তৰালকৈ, হিন্দু ভোটাৰৰ মাজত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ দৃঢ়। সমীক্ষাত ৬৬.৭ শতাংশ হিন্দু ভোটাৰে পুনৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাকে বিচাৰে। উন্নয়নমূলক আঁচনিৰ বাস্তৱতা, আইন-শৃংখলা বজাই ৰখা আৰু আন্তঃগাঁথনি উন্নয়নৰ পদক্ষেপসমূহে সন্তুষ্টিৰ হাৰ বৃদ্ধি কৰাত সহায় কৰিছে বুলি সমীক্ষাই উল্লেখ কৰিছে।

ৰাজ্যৰ মুঠ ভোটাৰৰ ৫৮ শতাংশতকৈ অধিক বৰ্তমানৰ চৰকাৰৰ কাৰ্যকলাপত সন্তুষ্টি প্ৰকাশ কৰিছে। সংখ্যালঘু ভোটাৰৰ মাজত যদিও গৌৰৱ গগৈৰ জনপ্ৰিয়তা উচ্চ, তথাপি এই সমীক্ষাই স্পষ্ট কৰিছে যে অসমত ভোটাৰৰ সিদ্ধান্ত একমুখী নহয়। সামাজিক আস্থা, প্ৰতিনিধিত্বৰ অনুভূতি আৰু উন্নয়নৰ অভিজ্ঞতা— এই তিনিটা কাৰকেই ভোটাৰৰ পছন্দ নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

গৌৰৱ গগৈ