‘প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনা’ আঁচনিৰ সম্প্ৰাসাৰণ : ১,৬০০ কোটি টকাৰ প্ৰকল্পত অনুমোদন কেন্দ্ৰৰ

দেশৰ জলসিঞ্চন ব্যৱস্থা আৰু অধিক উন্নত কৰি কৃষকসকলক সকাহ দিয়াৰ লক্ষ্য আগত ৰাখি ‘প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনা‘ আঁচনিৰ সম্প্ৰাসাৰণ ঘটাইছে। এই আঁচনিৰ অধীনত ২০২৫-২০২৬ বৰ্ষৰ বাবে এক উপ আঁচনি প্ৰস্তুত কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
১,৬০০ কোটি টকাৰ প্ৰকল্পত অনুমোদন কেন্দ্ৰৰ

ডিজিটেল ডেস্ক : দেশৰ জলসিঞ্চন ব্যৱস্থা আৰু অধিক উন্নত কৰি কৃষকসকলক সকাহ দিয়াৰ লক্ষ্য আগত ৰাখি ‘প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনা‘ আঁচনিৰ সম্প্ৰাসাৰণ ঘটাইছে। এই আঁচনিৰ অধীনত ২০২৫-২০২৬ বৰ্ষৰ বাবে এক উপ আঁচনি প্ৰস্তুত কৰা হৈছে। 

Advertisment

এই উপ-আঁচনিখন হৈছে ‘কমাণ্ড এৰিয়া ডেভেলপমেণ্ট এণ্ড ৱাটাৰ মেনেজমেণ্ট’। এই উপ আঁচনিখন ৰূপায়ণৰ বাবে ইতিমধ্যে মুঠ ১৬০০ কোটি টকা অনুমোদন জনাইছে কেন্দ্ৰই। এই কথা সদৰী কৰিছে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।


কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনাই যে, জলসিঞ্চন পৰিচালনা আৰু হস্তান্তৰৰ বাবে কৃষক সমাজলৈ ডব্লিউ ইউ এছ প্ৰকল্পসমূহ বহনক্ষম কৰি তোলা হ’ব । এই প্ৰকল্পৰ জৰিয়তে দেশৰ যুৱক-যুৱতীসকলেও কৃষিৰ প্ৰতি আকৰ্ষিত হ'ব। 

উল্লেখযোগ্য যে, এই আঁচনিৰ লক্ষ্য হৈছে- জলসিঞ্চন পানী যোগান ব্যৱস্থা আধুনিকীকৰণ কৰা। যাৰ জৰিয়তে খাল বা অন্যান্য উৎসৰ পৰা নিৰ্দিষ্ট ক্লাষ্টাৰত জলসিঞ্চনৰ পানী যোগান ধৰা। তাৰোপৰি এই ব্যৱস্থাই পোনে পোনে কৃষি পথাৰলৈ পানী যোগান ধৰিব পৰা ক্ষমতা থাকিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

agriculture