/asomiyapratidin/media/media_files/2026/03/01/198-2026-03-01-18-29-10.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : উজনিত পৰিৱৰ্তনৰ যাত্ৰা চলি থকাৰ মাজতে দেওবাৰে সমগ্ৰ অসমত কংগ্ৰেছে বুথ, মণ্ডল পৰ্যায়ৰ কৰ্মীসকলৰ মাজত সাংগঠনিক বৈঠক অনুষ্ঠিত কৰাৰ লগতে নিৰ্বাচনৰ বাবে পুঁজি বিতৰণ কৰে। ৰাজ্যখনৰ ৩৫খন জিলাৰ ৩১,৪৮৬খন বুথ কমিটিৰ সভাপতি আৰু ২৭৩২টা মণ্ডললৈ সভাপতিৰ জৰিয়তে আৰ্থিক অনুদান বিতৰণ কৰা হয়।
এই অনুযায়ী আজি প্ৰতিখন জিলাৰ সভাপতিৰ সঞ্চালনাত আজি ৰাজ্যজুৰি জিলা কংগ্ৰেছ কমিটিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশত জিলাসমূহৰ সভাপতি আৰু তত্বাৱধায়কৰ দায়িত্বত থকা সাধাৰণ সম্পাদক আৰু সম্পাদকসকলৰ উপস্থিতিত এই সাংগঠনিক বৈঠক অনুষ্ঠিত হয়।
ৰাজ্যখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৩০১টা ব্লক আছে আৰু ব্লকসমূহৰ সভাপতিও আজিৰ বৈঠকত উপস্থিত থাকে। গুৱাহাটীত মহানগৰ জিলা কংগ্ৰেছৰ অধীনৰ ৫টা বিধানসভা সমষ্টিৰ ব্লক, মণ্ডল আৰু বুথ কমিটিৰ সভাপতিসকলক লৈ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত দিনৰ ১১ বজাৰ পৰা এই বৈঠক অনুষ্ঠিত হয়।
মহানগৰ জিলা সমিতিৰ সভাপতি স্বপন দাসৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত গুৱাহাটী মহানগৰ জিলাৰ প্ৰাৰ্থিত্বৰ আবেদনকাৰীসকল উপস্থিত থাকে। বৈঠকত প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি নৱ তালুকদাৰ, সাধাৰণ সম্পাদক শান্তনু বৰা, মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই ভাষণ প্ৰদান কৰি এইবাৰ দিছপুৰত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলৰ চৰকাৰ গঠন হ’ব বুলি উল্লেখ কৰে।
সভাত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰা সকলোৱে যিজনকে দলে প্ৰাৰ্থিত্ব দিয়ে তেওঁৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰি এখন ভয়মুক্ত, শংকামুক্ত, ধৰ্মনিৰপেক্ষ বৰ অসম গঢ়াৰ সংকল্প গ্ৰহণ কৰে। বৈঠকত জ্যেষ্ঠ কংগ্ৰেছ নেতা গোপাল শৰ্মা, বিপুল চক্ৰৱৰ্তী, কুশল শৰ্মা, বিদিশা নেওগ, মুনমী দত্ত, শ্বৰিফা বেগমকে ধৰি গুৱাহাটী মহানগৰ প্ৰায়সকল নেতা-কৰ্মী উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us