/asomiyapratidin/media/media_files/2025/11/12/dddddddddddd-2025-11-12-22-25-56.jpg)
ডিজিটেল ডেস্কঃ ১২নৱেম্বৰ, ২০২৫ত গুজৰাটৰ ভাৰুচ জিলাত এটা ঔষধ প্ৰস্তুতকাৰী উদ্যোগত হোৱা ভয়ংকৰ বিস্ফোৰণত দুজনকৈ শ্ৰমিক নিহত হৈছে। প্ৰাপ্ত খবৰ অনুসৰি, এই বিস্ফোৰণত আহত হৈছে ২০ৰো অধিক শ্ৰমিক। উদ্যোগটোৰ ভিতৰত থকা এটা বয়লাৰ বিস্ফোৰিত হোৱাৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ তথ্য ৰাজহুৱা কৰিছে আৰক্ষীয়ে।
উল্লেখ কৰা প্ৰয়োজন যে, পুৱতি নিশা সংঘটিত হোৱা এই বিস্ফোৰণৰ সময়ত কাৰখানাটোত আছিল ৫০ৰো অধিক শ্ৰমিক। তদন্তকাৰী বিষয়াই জনাইছে যে, এই বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে উদ্যোগটোৰ সকলো ওৱাল খহিঁ পৰিছে। বিস্ফোৰণৰ পাছতে সূত্ৰপাত হোৱা জুইৰ ফলত এই দুগৰাকী শ্ৰমিক নিহত হোৱাৰ তথ্য সদৰি কৰিছে প্ৰশাসনে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us