জম্মু- কাশ্মীৰ থানাৰ ভিতৰত জব্দকৃত বিস্ফোৰক বিস্ফোৰণ : ফৰেনচিক বিশেষজ্ঞকে ধৰি নিহত ৯, আহত ৩২জন

এই বিস্ফোৰণত বিস্ফোৰক সামগ্ৰী পৰীক্ষাৰ বাবে থানাত উপস্থিত থকা ফৰেনচিক দলৰ তিনিজন বিশেষজ্ঞ, ক্ৰাইম ব্ৰাঞ্চৰ দুজন আৰক্ষী বিষয়া, ৰাজহ বিভাগৰ দুজন বিষয়া, এজন দৰ্জীসহ মুঠ ৯জন লোকৰ মৃত্যু হয়।

author-image
Asomiya Pratidin
New Update
226

ডিজিটেল ডেস্ক : ফৰিদাবাদত জব্দ কৰা বিস্ফোৰক সামগ্ৰী জম্মু- কাশ্মীৰৰ নাওগাম থানাত মজুত ৰখাৰ সময়তে শুকুৰবাৰে নিশা থানাৰ ভিতৰতে এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। এই বিস্ফোৰণত বিস্ফোৰক সামগ্ৰী পৰীক্ষাৰ বাবে থানাত উপস্থিত থকা ফৰেনচিক দলৰ তিনিজন বিশেষজ্ঞ, ক্ৰাইম ব্ৰাঞ্চৰ দুজন আৰক্ষী বিষয়া, ৰাজহ বিভাগৰ দুজন বিষয়া, এজন দৰ্জীসহ মুঠ ৯জন লোকৰ মৃত্যু হয়। 

উল্লেখযোগ্য যে, এই জব্দ কৰা বিস্ফোৰক সামগ্ৰীখিনি প্ৰাথমিক পৰ্যায়ত পৰীক্ষা কৰি থকাৰ সময়তে এই ভয়ানক বিস্ফোৰণ সংঘটিত হয় আৰু বিস্ফোৰণত থানাখনৰ এটা অংশ সম্পূৰ্ণৰূপে ধ্বংস হয়। বিস্ফোৰণটোত মুঠ ৩২ জন লোক আহত হয়। আহতসকলক ভাৰতীয় সেনাৰ ৯২ বেছ হাস্পতাললৈ আৰু শ্বেৰ ই কাশ্মীৰ ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সত ভৰ্তি কৰোৱা হয়। 

জম্মু- কাশ্মীৰ আৰক্ষী সঞ্চালক প্ৰধান নলীন প্ৰভাকৰে জানিবলৈ দিয়া মতে বিস্ফোৰণত ৩জন অসামৰিক লোক গুৰুতৰভাৱে আহত হৈছে। এই বিস্ফোৰকখিনি অতি সাৱধানে পৰীক্ষা কৰি থকাৰ সময়তে শুকুৰবাৰে নিশা ১১-২০বজাত বিস্ফোৰণ সংঘটিত হোৱাৰ কথা সঞ্চালক প্ৰধান নলীন প্ৰভাকৰে জানিবলৈ দিয়ে। 

দিল্লী বিস্ফোৰণৰ পূৰ্বে উক্ত বিস্ফোৰক সামগ্ৰীখিনি ফৰিদাবাদৰ পৰা উদ্ধাৰ কৰা হৈছে। এই সংক্ৰান্তত আদিল আহমেদ ৰাফাৰ নামৰ এজন চিকিৎসককো গ্ৰেপ্তাৰ কৰিছিল নিৰাপত্তাৰক্ষীয়ে। বিস্ফোৰকখিনিত এম’নিয়ামত নাইটেত আছিল বুলি আৰক্ষীয়ে সদৰী কৰিছিল। ২৭ অক্টোবৰত এই বিস্ফোৰক সামগ্ৰীখিনি উদ্ধাৰ কৰা হৈছে।

জম্মু-কাশ্মীৰ