বিস্ফোৰণত ৭ জনৰ মৃত্যু, ৫ জন আহতঃ কাৰখানাটোত আৱদ্ধ কেইবাজনো লোক

দেওবাৰে লক্ষ্ণৌত সংঘটিত হল এক ভয়ংকৰ ঘটনা। এটা ফটকা কাৰখানাত হঠাৎ হোৱা বিস্ফোৰণৰ ফলত নিহত হৈছে ৭জন লোক। আনহাতে এই দুৰ্ঘটনাত কেইবাজনো লোক আহত হৈছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-08-31 at 2.05.03 PM

ডিজিটেল ডেস্কঃ দেওবাৰে লক্ষ্ণৌত সংঘটিত হল এক ভয়ংকৰ ঘটনা। এটা ফটকা কাৰখানাত হঠাৎ হোৱা বিস্ফোৰণৰ ফলত নিহত হৈছে ৭জন লোক। আনহাতে এই দুৰ্ঘটনাত কেইবাজনো লোক আহত হৈছে। গুদাম্বা থানা এলেকাৰ বেহটা অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

ইফালে ফটকা কাৰখানাটোত হোৱা তীব্ৰ বিস্ফোৰণে সমগ্ৰ অঞ্চলটো জোকাৰি যায়। কাৰখানাটোৰ ভিতৰত কেইবাজনো লোক আৱদ্ধ হৈ থকাৰ সন্দেহ  কৰা হৈছে। প্ৰথমাৱস্থাত ভিতৰত আবদ্ধ হৈ থকা লোকসকলক বচাবলৈ চেষ্টা আৰম্ভ কৰিলে স্থানীয় ৰাইজে। আনহাতে, দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে উপস্থিত হয় আৰক্ষী, এম্বুলেন্স আৰু এছডিআৰএফৰ দল। দলটোৱে আহত লোককেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমানেও কাৰখানাটোত অব্য়াহত আছে উদ্ধাৰ অভিযান।

উল্লেখযোগ্য যে, ফটকা কাৰখানাত সংঘটিত হোৱা দুৰ্ঘটনাৰ সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ মৃতকৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ সমান্তৰালকৈ বিষয়াসকলক অনতিপলমে সেই স্থানত উপস্থিত হৈ সাহায্যৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিছে। আহতসকলৰ সঠিক চিকিৎসাৰ বাবে নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

লক্ষ্ণৌ