লোৰ কাৰখানাত বিস্ফোৰণ ! প্ৰাণ গ’ল কেইবাজনো শ্ৰমিকৰ

এটা কাৰখানাত সংঘটিত হোৱা বিস্ফোৰণ কাণ্ডত কেইবাজনো শ্ৰমিক নিহত হোৱাৰ উপৰি আহত হয়। ছত্তীশগড়ৰ বালোদাবজাৰ-ভাটাপাৰা জিলাৰ অন্তৰ্গত ৰিয়েল ইছপাট স্পঞ্জ লোহাৰ কাৰখানাত এক শক্তিশালী বিস্ফোৰণ কাণ্ড সংঘটিত হয়

author-image
Asomiya Pratidin
New Update
AP WEB CHATTISHGARH

ডিজিটেল ডেস্ক : এটা কাৰখানাত সংঘটিত হোৱা বিস্ফোৰণ কাণ্ডত কেইবাজনো শ্ৰমিক নিহত হোৱাৰ উপৰি আহত হয়। ছত্তীশগড়ৰ বালোদাবজাৰ-ভাটাপাৰা জিলাৰ অন্তৰ্গত ৰিয়েল ইছপাট স্পঞ্জ লোহাৰ কাৰখানাত এক শক্তিশালী বিস্ফোৰণ কাণ্ড সংঘটিত হয়। 

ফলত ৭ জন শ্ৰমিকৰ মৃত্যু আৰু কেইবাজনো আহত হয়। ইয়াৰে কেইবাজনৰ অৱস্থা সংকটজনক, গতিকে পৰিৱৰ্তী সময়ত মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। জানিব পৰা মতে, ২২ জানুৱাৰীৰ পুৱা কাৰখানাত কাম চলি থকাৰ মাজতে এই ঘটনা সংঘটিত হয়।

এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে কাৰখানাটো ধ্বংসাৱশেষলৈ ৰূপান্তৰিত হয়। ইয়াৰোপৰি কেইবাকিলোমিটাৰ দূৰলৈকে শব্দ শুনা যায়। বিস্ফোৰণৰ পাছতে চাৰিওফালে চিঞৰ-বাখৰ লাগে আৰু শ্ৰমিকসকলে প্ৰাণ ৰক্ষা কৰিবলৈ ইফালে সিফালে দৌৰে। কিন্তু অধিকাংশ শ্ৰমিক বাহিৰলৈ ওলাই আহিবলৈ সময় নাপাই আৱদ্ধ হৈ ৰয়।

দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইফালে আহতসকলক হাস্পাতালত ভৰ্তি কৰে। কাৰখানাটোৰ ধ্বংসাৱশেষৰ তলত এতিয়াও বহু শ্ৰমিক পোত খাই থকাৰ আশংকা কৰা হৈছে। 

গতিকে পৰৱৰ্তী সময়ত মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে।

ছত্তিশগড়