/asomiyapratidin/media/media_files/2025/08/16/modi-16-2025-08-16-11-39-50.jpg)
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জিএছটি ২.০ৰ ঘোষণাক বিশেষজ্ঞসকলে এক সবল ভাৰতীয় অৰ্থনীতি গঢ়ি তোলাৰ বাবে সময়োপযোগী আৰু কৌশলগত পদক্ষেপ বুলি আখ্যা দিছে। স্বাধীনতা দিৱসৰ দিনটোত ঐতিহাসিক লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক সম্বোধন কৰি ঘোষণা কৰে যে দীপাৱলীৰ ভিতৰত জি এছ টিৰ হাৰ হ্ৰাস কৰা হ’ব।
লালকিল্লাৰ পৰা মোডীয়ে কয় যে, দীপাৱলীৰ ভিতৰত জিএছটিৰ হাৰ হ্ৰাস কৰি দৈনন্দিন সামগ্ৰীৰ মূল্য হ্ৰাস কৰা হ’ব। আঠ বছৰীয়া এই কৰ ব্যৱস্থাৰ সংস্কাৰৰ লক্ষ্য ৰখা হৈছে, যি মুকৰ্দমা আৰু কৰ ফাঁকিৰ সমস্যাত জৰ্জৰিত।
বিত্ত মন্ত্ৰণালয়ে জনোৱা মতে, বেছিভাগ সামগ্ৰী আৰু সেৱাৰ ওপৰত দুটা শ্লেব ষ্টেণ্ডাৰ্ড আৰু মেৰিটত কৰ আৰোপৰ প্ৰস্তাৱ দিয়া হৈছে। বৰ্তমানৰ জিএছটিত চাৰিটা মুঠ চাৰিটা শ্লেব ক্ৰমে—৫, ১২, ১৮ আৰু ২৮ শতাংশ হৈ আছ। বিলাসী আৰু ক্ষতিকাৰক সামগ্ৰীৰ ওপৰত ২৮ শতাংশৰ উপৰি অতিৰিক্ত কৰ আৰোপ কৰা হৈছে।