ধুবুৰীত সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ, অসমৰ জৰুৰী কাৰ্যনিৰ্বাহক সভা

প্ৰয়াত ইনামূল হকে অসমৰ খিলঞ্জীয়া, দেশী জনগোষ্ঠীয় মুছলিম লোক সকলৰ স্বাৰ্থৰ কথা চিন্তা কৰিয়েই প্ৰতিষ্ঠা কৰা সদৌ দেশী জন গোষ্ঠীয় জাতীয় সংসদ, অসমৰ মঙলবাৰে এক জৰুৰী কাৰ্যনিৰ্বাহক সভা ধুবুৰীত অনুষ্ঠিত কৰা হয়

author-image
Asomiya Pratidin
New Update
244

ডিজিটেল সংবাদ, ধুবুৰী : প্ৰাক্তন আছু নেতা তথা সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ, অসমৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ইনামূল হকে অসমৰ খিলঞ্জীয়া, দেশী জনগোষ্ঠীয় মুছলিম লোক সকলৰ স্বাৰ্থৰ কথা চিন্তা কৰিয়েই প্ৰতিষ্ঠা কৰা সদৌ দেশী জন গোষ্ঠীয় জাতীয় সংসদ, অসমৰ মঙলবাৰে এক জৰুৰী কাৰ্যনিৰ্বাহক সভা ধুবুৰীত অনুষ্ঠিত কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ, অসমৰ সভাপতি মণ্জুৰুল হাছান ৰাণাই।

আজিৰ এই গুৰুত্বপূৰ্ণ সভাত একাংশই  সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ, অসমৰ নাম ব্যৱহাৰ কৰি নতুন কেন্দ্ৰীয় কমিটী গঠন কৰা, সদৌ দেশী জন গোষ্ঠীয় জাতীয় সংসদ, অসমৰ ধুবুৰী জিলা কমিটীৰ সভাপতিৰ সংগঠন বিৰোধী কাম-কাজত লিপ্ত হোৱা সম্পৰ্কে আৰু সংসদৰ প্ৰতিষ্ঠাপক সভাপতি ইনামূল সকৰ প্ৰথম মৃত্যু বাৰ্ষিকীউদযাপন সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰা হয়।

ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মুঠ ৩৫ টা আঞ্চলিক কমিটীৰ প্ৰায় দুই শতাধিক সদস্যৰ উপস্থিত থকা সভাত সভাই যোৱা ৩১ আগষ্টত সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ, অসমৰ নামত পৃথকে কেন্দ্ৰীয় কমিটী এখন গঠন কৰা কাৰ্যক তীব্ৰ ভাষাত গৰিহণা দিয়াৰ লগতে সভাই এই কাৰ্যক অসাংবিধানিক বুলি আখ্যা দিয়ে। লগতে এই কাৰ্যত লিপ্ত থকা সংগঠনটোৰ সংশ্লিষ্ট কাৰ্যকৰ্তাৰ ওপৰত সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ, অসমে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈ সাংগঠনিক দৃষ্টিকোণেৰে কৈফিয়ৎ তলব কৰাৰ সিদ্ধান্ত লৈ সভাই আজি এক প্ৰস্তাৱ গ্ৰহণ কৰে।

উল্লেখযোগ্য যে সদৌ দেশী জন গোষ্ঠীয় জাতীয় সংসদ, অসমৰ এখন পূৰ্ণাংগ কমিটী থকাৰ পিচতো  নীতি বহিৰ্ভূতভাৱে আৰু অ-সাংবিধানিকভাৱে নতুনকৈ এখন কেন্দ্ৰীয় সমিতি গঠন কৰাটো সংসদৰ সংবিধান বহিঃৰ্ভূত কাৰ্য বুলি আজিৰ সভাই মতপোষণ কৰে। ইপিনে এই কাৰ্যত লিপ্ত থকা ব্যক্তিসকলক সংবিধান বিৰোধী কাম-কাজৰ পৰা বিৰত থাকিবলৈ আৰু সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ, অসমৰ নাম ব্যৱহাৰ কৰি কোনো ধৰণৰ কাম-কাজ কৰাৰ পৰা বিৰত থাকিবলৈ এক প্ৰস্তাৱযোগে আহ্বান জনোৱাৰ উপৰি ইয়াৰ অন্যথাই আইনী ব্যৱস্থা হাতত লোৱা হ'ব বুলিও আজিৰ সভাই সকীয়াই দিয়ে।

আনহাতে আজিৰ সভাখনে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ, অসমৰ ধুবুৰী জিলা কমিটীৰ সভাপতিৰ সংগঠন বিৰোধী কাম-কাজক লৈ আক্ষেপ প্ৰকাশ কৰাৰ লগতে সংসদৰ জিলা সভাপতি গৰাকীৰ কাৰ্যক তীব্ৰ ভাষাত গৰিহণা দিয়াৰ লগতে তেওঁৰ ওপৰত সংসদৰ সংবিধান অনুসৰি অনুশাসন মূলক ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়। এই সন্দৰ্ভত আজিৰ সভাই পাঁচ জনীয়া এখন অনুশাসন সমিতিও গঠন কৰি দিয়ে।

আনহাতে আজিৰ সভাই  সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ, অসমৰ প্ৰতিষ্ঠাপক সভাপতি ইনামূল সকৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন সম্পৰ্কে ও সভাত আলোচনা কৰে। মন কৰিবলগীয়া যে প্ৰাক্তন আছু নেতা তথা সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ, অসমৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ইনামূল হকৰ মৃত্যুৰ পিচতে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ, অসমৰ ফালৰ পৰা বিগত বৰ্ষৰ ৮ ডিচেম্বৰত ধুবুৰীত আয়োজন কৰা এখন সাধাৰণ সভাত সংগঠনটোক চলাই নিয়াৰ বাবে সভাই সৰ্বসন্মতি ক্ৰমে মণ্জুৰুল হাছান ৰাণাক সদৌ দেশী জন গোষ্ঠীয় জাতীয় সংসদ, অসমৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছিল। সেই মতে আজিৰ তাৰিখতো মনজৰুল হাছান ৰাণাই নিষ্ঠা সহকাৰে সংগঠনটোৰ দায়িত্বভাৰ চলাই আছে।

ধুবুৰী