ধপাত জাতীয় সামগ্ৰীত বৃদ্ধি পাব আবকাৰী শুল্ক আৰু কৰ...

চিগাৰেট, ছিগাৰ, হুক্কা, জর্দা আদিকে ধৰি ধপাত জাতীয় সামগ্ৰীৰ ওপৰত আবকাৰী শুল্ক আৰু কৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে ১৯৪৪ৰ কেন্দ্রীয় আবকাৰী আইনৰ সংশোধনৰ প্ৰস্তাৱ দিয়া হৈছিল।

author-image
Asomiya Pratidin
New Update
new ap web 1 (36)

ডিজিটেল ডেস্কঃ  বুধবাৰে লোকসভাত কেন্দ্রীয় আবকাৰী শুল্ক সংশোধনী বিধেয়ক ২০২৫ গৃহীত হয়। চিগাৰেট, ছিগাৰ, হুক্কা, জর্দা আদিকে ধৰি ধপাত জাতীয় সামগ্ৰীৰ ওপৰত আবকাৰী শুল্ক আৰু কৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে ১৯৪৪ৰ কেন্দ্রীয় আবকাৰী আইনৰ সংশোধনৰ প্ৰস্তাৱ দিয়া হৈছিল।

বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে কয় যে, এইখন কোনো নতুন আইন নহয় আৰু অতিৰিক্ত কৰো নহয়। এয়া হৈছে জি এছ টিৰ পূর্বে বাহাল থকা আবকাৰী শুল্কহে। তেওঁ লগতে কয়, জি এছ টি কার্যকৰী হোৱাৰ পিছতো ২০১৭ চনৰ জুলাইৰ পৰা ২০২৪ চন পর্যন্ত ক্ষতিপূৰণ কৰৰ হাৰৰ কোনো পৰিৱৰ্তন হোৱা নাই।

 কালিৰ এই বিতৰ্কত বিজেপিৰ ড° ডি পূৰন্দেশ্বৰী, কংগ্ৰেছৰ কাৰ্তি পি. চিদাম্বৰম আৰু এন চি পিৰ সুপ্রিয়া সুলেয়ো অংশগ্রহণ কৰে। এই আলোচনাৰ পাছতে লোকসভাৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ৰখা হয়।

আবকাৰী বিভাগ আবকাৰী ৰাজহ