/asomiyapratidin/media/media_files/2025/10/08/excise-web-2025-10-08-12-17-10.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ চাপ'ৰ্টিং টেণ্ডাৰ,পকেট টেণ্ডাৰ,বেকডেটেদ টেণ্ডাৰ এনে এক ব্য়ৱস্থাই পূৰ্বৰ চৰকাৰৰ আমোলত ৰাজ্যৰ বিভিন্ন বিভাগৰ জনকল্যাণমূলক আঁচনি ৰূপায়ণৰ ঠিকা আবন্টনৰ ব্যৱস্থাটোক এক সুসংহত কমিচনৰ ভিত্তিত নিৰ্দিষ্ট ব্যক্তি বা প্ৰতিষ্ঠানক প্ৰদান কৰাৰ ঘটনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল।
অসমে নহয় সমগ্ৰ দেশত চলা এনে ব্যৱস্থাই দেশৰ কল্যাণমূলক আঁচনি ৰূপায়ণ আৰু অৰ্থনৈতিক ব্যৱস্থাটোক সম্পূৰ্ণৰূপে থানবান কৰি পেলোৱাৰ লগতে থলুৱাক বঞ্চিত কৰি বিশেষ বনিক গোষ্ঠীক হাজাৰ-হাজাৰ কোটি টকা লুট পাতৰ ঘটনাক লৈ সমগ্ৰ দেশতে গঢ় লৈ উঠিছিল ইণ্ডিয়া এগেইনষ্ট কৰাপচন আন্দোলনৰ।
আন্না হাজাৰেৰ নেতৃত্বত পৰিবৰ্তনকামী ব্যৱস্থাৰ শ্লোগানেৰে দেশজুৰি সৃষ্টি কৰা আন্দোলন তথা আলোড়নৰ পৰিণতিতে দীৰ্ঘদিনীয়া কংগ্ৰেছী শাসন উৎখাত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ ক্ষমতালৈ আহিছিল। কিয়নো মোডীৰ সেই সময়ৰ এক প্ৰধান শ্লোগান আছিল "না খাওংগা,না খানে দুংগা"।
অসমতো ইয়াৰ ফলতে ১৫ বছৰীয়া তৰুণ গগৈ চৰকাৰক ওফৰাই ক্ষমতালৈ আহিছিল বিজেপি চৰকাৰ। কিন্তু ৰাইজৰ বহু প্ৰত্যাশাক ধূলিসাৎ কৰি লাহে লাহে এই চৰকাৰৰ আমোলতো পূৰ্বে খোপনি পোতা বহিৰাগত বনিয়া গোষ্ঠী তথা বিশেষ বিশেষ প্ৰতিষ্ঠানে ৰাজ্যৰ প্ৰায়বোৰ বিভাগক পুনৰ নিজৰ কব্জালৈ নি দিনে দিনে লুটপাটৰ পৰিমাণ বৃদ্ধি কৰাৰ বিপৰীতে বৃহৎ সংখ্যক থলুৱা ব্যৱসায়ীৰ নিয়োজনৰ সম্ভাৱনা নিঃশেষ কৰি পেলাইছে।
বিশেষকৈ যিবোৰ বিভাগৰ সৈতে সৰ্বসাধাৰণ ৰাইজৰ প্ৰত্যক্ষ সংযোগ নাই আৰু বৃহৎ সংখ্যক পুঁজিৰ লেন দেন যিবোৰ বিভাগৰ জৰিয়তে সম্পাদিত হয় তেনেবোৰ বিভাগক বিশেষভাৱে লক্ষ্য কৰি লৈছে নয়দা,গুৰগাঁও,গুজৰাট আদিৰ প্ৰভাৱশালী বনিয়া গোষ্ঠীয়ে।
শেহতীয়া পৰিস্থিতি কিদৰে ভয়ংকৰ হৈ উঠিছে আজি এটা বিভাগৰ বিশেষ এক ঠিকা কেন্দ্ৰিক ভয়ানক অনিয়ম আৰু ইয়াৰ মাধ্যমত চলাব খোজা লুট পাতৰ প্ৰক্ৰিয়াক উদাহৰণৰূপেহে তুলি ধৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। সৰ্বসাধাৰণৰ দৃষ্টিৰ আঁৰত থকা অথচ ৰাজ্যৰ আটাইতকৈ বদনামী বিভাগটোৱে হ'ল আবকাৰী বিভাগ। পূৰ্বৰ চৰকাৰৰ আমোলত সামৰিক কোটাৰ মদৰ ভূৱা পাৰ্মিট,অনচ'প-অফচ'প,বাৰ,বটলিং প্লেন্ট,লিকাৰ বণ্ড আদিৰ পৰা অবৈধভাৱে সংগ্ৰহ কৰা হৈছিল হাজাৰ-হাজাৰ কোটি টকা।
তাৰ সমান্তৰালভাৱে বহিঃ ৰাজ্যৰ সুৰা,বটলিং প্লেন্টলৈ স্পিৰিট,লালীগুৰ আদিৰ অবৈধ চালানৰ নামতো একাংশ অনা অসমীয়া বিষয়া আৰু বিভাগীয় মুৰব্বীয়ে মিলি চলাইছিল বৃহৎ লুট পাত। এই ব্যৱস্থা এতিয়াও বিভাগটোত বৰ্তি আছে। তদুপৰি অতি শেহতীয়াকৈ বিভাগটোৱে ২১০ কোটি টকীয়া হল'গ্ৰাম ষ্টিকাৰ যোগানৰ এক বৃহৎ ঠিকা অতি কৌশলপূৰ্ণভাৱে একেটা বনিক পৰিয়ালক কৰা তিনিখনকৈ নিবিদা গ্ৰহণ কৰি এই পৰিয়ালৰ সৈতে মিলি বহু কোটি টকা আহৰণৰ প্ৰক্ৰিয়া চূড়ান্ত কৰি তুলিছে তাৰ বিস্তৃত বিৱৰণ এনে ধৰণৰ।
এইখিনিতে সৰ্বসাধাৰণৰ জ্ঞাতাৰ্থে উল্লেখ কৰা প্ৰয়োজন যে, সুৰাৰ বটল সমূহৰ সাঁফৰৰ ওপৰত বিশেষভাৱে নিৰ্মিত এই হল'গ্ৰাম ষ্টিকাৰ হ'ল বটলৰ ভিতৰত থকা পানীয়ৰ বিশুদ্ধতা নিশ্চিতকৰণৰ এক বিশেষ ব্যৱস্থা। আনহাতে ইয়াৰ মাধ্যমতে সংগৃহীত হয় চৰকাৰী ৰাজহো।
এই কথাও উল্লেখ কৰা প্ৰয়োজন যে, আৰম্ভণিৰ পৰাই কেন্দ্ৰৰ বিজেপি চৰকাৰে প্লাষ্টিক মুক্ত ভাৰতৰ শ্লোগান আওঁৰাই আহিছে। অসমতো অতি শেহতীয়াকৈ জুবিন গাৰ্গৰ ১৩ দিনীয়া মাংগলিক কৰ্ম যোৰহাটত সম্পাদনৰ সময়ত খোদ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাত হাজাৰ হাজাৰ জুবিন প্ৰেমীৰ মাজত প্ৰসাদ আৰু অন্যান্য নৈবেদ্য পলিথিনৰ পেকেটৰ পৰিৱৰ্তে ডাঠ কাগজৰ পেকেট ব্যৱহাৰ কৰি প্লাষ্টিক মুক্ত অসমৰ এক বাৰ্তা প্ৰেৰণ কৰা হৈছিল।
কিন্তু একে সময়ত অসমৰ আবকাৰী বিভাগে আহ্বান কৰা হল'গ্ৰাম ষ্টিকাৰৰ এই নিবিদাৰ চৰ্তত প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড তথা দেশৰ বিভিন্ন ৰাজ্যৰ চৰকাৰে পালন কৰা প্লাষ্টিক হল'গ্ৰাম ষ্টিকাৰৰ পৰিৱৰ্তে বায়'পলিমাৰ ষ্টিকাৰৰ বিষয়টো সম্পূৰ্ণৰূপে উলংঘা কৰি চলিছে। যাৰ সুবিধা বাৰুকৈয়ে লৈছে নয়দা,গুৰগাঁৱৰ বিশেষ তিনিটা প্ৰতিষ্ঠানে।
আবকাৰী বিভাগে টেণ্ডাৰ আই ডি নম্বৰ 2025 ED 40270_1 ৰ জৰিয়তে টেণ্ডাৰ ৰেফাৰেন্স নং EX/HOLOGRAM/01/2025 ৰ যোগে হাই ছিকিউৰিটি কিউ আৰ ক’ডযুক্ত হল’গ্ৰামৰ উৎপাদন আৰু যোগানৰ বাবে এই নিবিদা আহ্বান কৰাৰ পাছত দেশৰ তিনিটা প্ৰতিষ্ঠানে নিবিদাত অংশ লয়। ইয়াৰে বিড নম্বৰ 27998 যোগে হল’লাইফ কৰ্পোৰেচন ইণ্ডাষ্ট্ৰীজে ৫ ছেপ্তেম্বৰ ২০২৫ ত জমা দিছে নিবিদা।
আন দুটা কোম্পানী ক্ৰমে মনটেজ এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেডে ২১ ছেপ্তেম্বৰ ২০২৫ ত বিড নং 278017 যোগে আৰু সেইদিনাই ইউফ্লেক্স লিমিটেডে হল’গ্ৰাম যোগানৰ এই নিবিদাত অংশ লৈছিল। নিবিদাৰ জৰিয়তে ৰাজ্যৰ আবকাৰী বিভাগে মুঠ ২১০ কোটি হল’গ্ৰাম যোগান বিচাৰিছে প্ৰতিষ্ঠানসমূহৰ পৰা।
কেইবাশ কোটি টকীয়া এই হল’গ্ৰাম যোগান ঠিকাক লৈ এতিয়া গুৰুত্বপূৰ্ণ প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছে। কিয়নো ৰাজ্য চৰকাৰে বিভিন্ন সময়ত পলিথিন নিষিদ্ধ কৰি কঠোৰ নিৰ্দেশনা জাৰি কৰি থৈছে।
দেশৰ সংবিধানৰ ৪৭(এ) ধাৰাৰ অধীনত আৰু পৰিবেশ সুৰক্ষা দিয়াৰ প্ৰয়োজনত শেহতীয়াকৈ পৰিবেশ আৰু বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব আৰ এছ প্ৰসাদে এই সংক্ৰান্তীয় এক জাননী জাৰি কৰিছিল।
২৩ আগষ্ট ২০২৩ ত জাৰি কৰা এই নিৰ্দেশনাত কেন্দ্ৰীয় চৰকাৰৰ পৰিবেশ আৰু বন মন্ত্ৰণালয়ৰ প্লাষ্টিক ৱেজ মেনেজমেণ্ট ৰোলছ, পৰিবেশ সুৰক্ষা আইন- ১৯৮৬ৰ আধাৰত জাৰি কৰা জাননী নম্বৰ GSR.320 (E)ৰ আধাৰত এই নিৰ্দেশনা জাৰি কৰিছিল। য’ত প্লাষ্টিক ষ্টিক, প্লাষ্টিক ষ্টিকাৰ, বেলুন, ফ্লেগ, আইচক্ৰীম ষ্টিক আদি নিষিদ্ধ কৰা হৈছে।
চৰকাৰৰে এনে জাননী থকাৰ পাছত এই প্ৰতিষ্ঠানসমূহক প্লাষ্টিকৰ হল’গ্ৰাম যোগানৰ এনে বৃহৎ পৰিমাণৰ ঠিকা প্ৰদান কৰিবলৈ ওলোৱা কাৰ্য চৰকাৰী নিয়মেই ভংগ কৰাৰ দৰে হৈছে। এইখিনিতে মন কৰিবলগীয়া যে, নেচনেল গ্ৰীণ ট্ৰিবিউনেলে কৰ্ণাটকৰ আবকাৰী বিভাগক দিয়া এক নিৰ্দেশত প্লাষ্টিক লেবেল সুৰাৰ বটলত লগোৱাত বাধা আৰোপ কৰিছে।
তেনে ক্ষেত্ৰত অসম চৰকাৰৰ এটা বিভাগে পলিষ্টাৰ ছিংগল ইউজ প্লাষ্টিকৰ লেবেলৰ যোগানৰ বাবে দিয়া এই বৃহৎ ঠিকাই ৰাজ্যৰ পৰিবেশ তন্ত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাতো স্বাভাৱিক। এই ক্ষেত্ৰত অসমৰ প্ৰকৃতিপ্ৰেমী সংগঠন তথা প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ ভূমিকা লক্ষ্যণীয় হ’ব।
আনহাতে, এই নিবিদাত যি তিনিটা কোম্পানীয়ে অংশ লৈছে, সেই তিনিটা কোম্পানীৰ মাজত আছে সুসম্পৰ্ক। ঠিকা লাভৰ বাবে তিনিটা কোম্পানীয়ে পৃথক পৃথক নামত নিবিদাত অংশ লৈছে যদিও কোম্পানীকেইটাৰ কাৰ্যালয়ৰ ঠিকনা পৰীক্ষা কৰিলে দেখা যায় যে একে ঠিকনাতে আছে কোম্পানী কেইটাৰ কাৰ্যালয়।
উদাহৰণস্বৰূপে আল্টিমেন্ট ফ্লেক্স পিক লিমিটেড নামৰ কোম্পানীটোৰ কৰ্পাৰেট অফিচৰ ঠিকনা হৈছে C-20 চেক্টৰ-৫৭, নয়দা, ২০১৩০১। আনহাতে ইউনি ফ্লেক্স লিমিটেডৰ ঠিকনা A-107-108, চেক্টৰ-৪, নয়দা, ২০১৩০১। মন কৰিব লগা যে, ইউ ফ্লেক্সৰ অধ্যক্ষ হ'ল অশোক চতুৰ্বেদী আৰু সঞ্চালক হিচাপে আছে জে. জি. পিল্লাই আৰু পৰেশ নাথ শ্যামা।
এই দুয়োগৰাকী ব্যক্তি আল্টিমেন্ট ফ্লেক্স পিক লিমিটেডৰো যুটীয়া সঞ্চালক। তাৎপৰ্যপূৰ্ণ যে, অশোক চতুৰ্বেদীয়ে ১৬ মে' ২০১১ ত আল্টিমেন্ট ফ্লেক্স পিকৰ সঞ্চালকৰ পদ এৰি ইউফ্লেক্স লিমিটেডৰ আধ্যক্ষৰ পদ গ্ৰহণ কৰে। এই কথাই অতি পৰিষ্কাৰ কৰি দিয়ে যে এই প্ৰতিষ্ঠান কেইটা উপৰোৱাকৈ দেখাত বেলেগ বেলেগ হ'লেও সিহতৰ ৱেবচাইডৰ তথ্যৰ ভিত্তিতে এয়া স্পষ্ট হৈ পৰে যে নয়দা আৰু গুৰগাঁৱৰ ঠিকনা ব্যৱহাৰ কৰিলেও প্ৰতিষ্ঠান কেইটা একেটা পৰিয়ালৰে।
সেই বহিৰাগত বনিক পৰিয়ালটোৰ পৰাই তিনিখনকৈ সুকীয়া সুকীয়া নিবিদা গ্ৰহণ কৰি আবকাৰী বিভাগে প্লাষ্টিৰ নিষিদ্ধকৰণৰ নিৰ্দেশনাও ভংগ কৰি উক্ত পৰিয়ালটোক ২১০ কোটি টকাৰ ঠিকা প্ৰদান প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই কথাও সকলোৱে জানে যে, ৩ নম্বৰ নিবিদাখন এইবাবেই সাক্ষী গোপাল কৰি গ্ৰহণ কৰা হৈছে যে বিধিমতে তিনিখন নিবিদা নকৰিলে পুনৰ নিবিদা আহ্বানৰ এক কঠোৰ নীতি-নিৰ্দেশনা আছে।
সেইবাবেই ন্যায়ালয়ত মুখ ঠেকেচা খোৱাৰ পথ বন্ধ কৰি এটা গোষ্ঠীক ২১০ কোটি টকাৰ এই বৃহৎ ঠিকা প্ৰদানৰ বাবে সকলো বিধি তথা নীতি জলাঞ্জলি দিয়া হৈছে। ইয়াৰ বাবে যে বৃহৎ পৰিমাণৰ কমিচনৰ ধনৰ এক লেনদেন হৈছে সেই কথাও অতি পৰিষ্কাৰ। কিন্তু মুখ্যমন্ত্ৰী গৰাকীয়ে এনে এক অনিয়মৰ বিষয়ে অৱগত হৈও মনে মনে থাকিব নে এই অবৈধ নিবিদা সম্পূৰ্ণৰূপে বাতিল কৰিব সেয়া সকলোৰে বাবে এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন।
়চৰকাৰৰে এনে জাননী থকাৰ পাছত এই প্ৰতিষ্ঠানসমূহক প্লাষ্টিকৰ হল’গ্ৰাম যোগানৰ এনে বৃহৎ পৰিমাণৰ ঠিকা প্ৰদান কৰিবলৈ ওলোৱা কাৰ্য চৰকাৰী নিয়মেই ভংগ কৰাৰ দৰে হৈছে।