বাহিৰৰ একো খবৰ ৰখা নাই! টেবুল টেনিছ খেলি, যোগাভ্যাস কৰি সময় কটাইছে জগদীপ ধনখড়ে...

ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে তেওঁৰ স্বাস্থ্যৰ কাৰণে উল্লেখ কৰি ২১ জুলাইত পদত্যাগ কৰাৰ পিছত নতুন দিল্লীৰ উপ-ৰাষ্ট্ৰপতি এনক্লেভৰ পৰা দক্ষিণ দিল্লীৰ ছতৰপুৰৰ গদাইপুৰত অৱস্থিত এখন ব্যক্তিগত ফাৰ্মহাউছলৈ স্থানান্তৰিত হৈছে।

author-image
Asomiya Pratidin
New Update
eb93b3d2-41fc-42d3-8f0b-408c27e8f2f3

ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে তেওঁৰ স্বাস্থ্যৰ কাৰণে উল্লেখ কৰি ২১ জুলাইত পদত্যাগ কৰাৰ পিছত নতুন দিল্লীৰ উপ-ৰাষ্ট্ৰপতি এনক্লেভৰ পৰা দক্ষিণ দিল্লীৰ ছতৰপুৰৰ গদাইপুৰত অৱস্থিত এখন ব্যক্তিগত ফাৰ্মহাউছলৈ স্থানান্তৰিত হৈছে।

এই ফাৰ্মহাউছখন ইণ্ডিয়ান নেচনেল লোক দল (আই এন এল ডি)ৰ নেতা অভয় চৌটালাৰ। পি টি আইৰ খবৰ অনুসৰি, ধনখৰে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ প্ৰাপ্য টাইপ-৮ চৰকাৰী বাংলো লাভ নকৰালৈকে এই ফাৰ্মহাউছত অস্থায়ীভাৱে থাকিব।

৭৪ বছৰীয়া ধনখড়ে পদত্যাগৰ পিছৰে পৰা ৰাজহুৱা স্থানৰ পৰা নিজকে আঁতৰাই ৰাখিছে। তেওঁৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে বৰ্তমান তেওঁ পৰিয়ালৰ সৈতে সময় কটায়, টেবুল টেনিছ খেলে আৰু যোগাভ্যাস কৰে।

সোমবাৰে তেওঁ প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে ওলাই ধৌলা কুঁৱানৰ আৰ্মীৰ গৱেষণা আৰু ৰেফাৰেল হাস্পতালত দন্ত চিকিৎসকৰ ওচৰলৈ যায়। তেওঁৰ সামগ্ৰীসমূহৰ এটা অংশ ইতিমধ্যে ফাৰ্মহাউছলৈ স্থানান্তৰিত কৰা হৈছে। ধনখৰে ৩৪, এপিজে আব্দুল কালাম মাৰ্গত এটা বাংলো অনুমোদনৰ বাবে নগৰ উন্নয়ন মন্ত্ৰণালয়লৈ পত্ৰ লিখিছে, কিন্তু বাংলোটো মেৰামতিৰ বাবে তিনি মাহ সময় লাগিব।

তেওঁ ১৯৯৩-১৯৯৮ চনত ৰাজস্থানৰ কিষাণগড় সমষ্টিৰ পৰা কংগ্ৰেছৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু সেই পৰিপ্ৰেক্ষিতত প্ৰাক্তন বিধায়ক হিচাপে ৪২,০০০ টকাৰ পেঞ্চনৰ বাবে আবেদন কৰিছে। উল্লেখ্য যে, তেওঁৰ আকস্মিক পদত্যাগে ৰাজনৈতিক চৰ্চাৰ সৃষ্টি কৰিছে।

কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আৰু কপিল ছিব্বলে তেওঁৰ নিৰুদ্দেশৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰি তেওঁ গৃহবন্দী হৈ আছে নেকি বুলি সোধাৰ বিপৰীতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই দাবী নাকচ কৰি স্বাস্থ্যৰ প্ৰসংগকহে পদত্যাগৰ কাৰণ বুলি প্ৰকাশ কৰিছিল। 

জগদীপ ধনখড় উপ ৰাষ্ট্ৰপতি