/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/369fc6b3-c0d4-454a-a5e0-0f34d68c1dbe/nagaon_sir.jpg)
ex principal arrest by police
ডিজিটেল সংবাদ,নগাঁওঃ নগাঁৱৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অৱসৰপ্ৰাপ্ত অধ্যক্ষ গোলাপ চন্দ্ৰ বৰাক ৷ গোলাপ চন্দ্ৰ বৰা চামগুৰি উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আছিল ৷ বৰ্তমান বিদ্যালয়খনৰ অধ্যক্ষৰ দায়িত্বত থকা প্ৰনৱ জ্যোতি গোস্বামীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বৰাক ৷
চামগুৰি থানাত ৰুজু হোৱা ১৭৮ /২০২১ নম্বৰৰ গোচৰৰ বিপৰীতে গ্ৰেপ্তাৰ কৰা হৈছে গোলাপ বৰাক ৷ নগাঁৱৰ ফনিক্স ওচৰৰ বাসভৱনৰ পৰা গোলাপ চন্দ্ৰ বৰাক চামগুৰি থানাৰ আৰক্ষীৰ দল এটাই বিয়লি ভাগত সোধপোচৰ বাবে প্ৰথমে আটক কৰি চামগুৰি থানালৈ নিয়ে ৷ নিশালৈ বৰাক গ্ৰেপ্তাৰ কৰা বুলি চামগুৰি থানাই ঘোষণা কৰে ৷
বৰ্তমান বিদ্যালয় খনৰ অধ্যক্ষৰ দায়িত্বত থকা প্ৰনৱ জ্যোতি গোস্বামীয়ে পূৰ্বৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ গোলাপ চন্দ্ৰ বৰাই ৪ লাখৰো অধিক টকা খেলি-মেলি কৰাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল ৷ ২০২১ বৰ্ষতে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল।
শেহতীয়াকৈ অধ্যক্ষ গোস্বামীৰ নেতৃত্বত বিদ্যালয় পৰিচালনা সমিতিয়ে এক সংবাদমেল আয়োজন কৰি বিত্তীয় খেলি-মেলিৰ অভিযোগ আনিছিল আৰু আৰক্ষীক এজাহাৰ দাখিল কৰা বুলি জনাইছিল ৷ এই সংবাদমেলৰ পিছতে চামগুৰি আৰক্ষীয়ে শণিবাৰে গোলাপ চন্দ্ৰ বৰাক গ্ৰেপ্তাৰ কৰে ৷ অৱশ্যে অৱসৰ গ্ৰহণৰ প্ৰায় ৫ বছৰৰ পিছত বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷