ধেমাজি নগৰ পালিকাৰ প্ৰাক্তন সভাপতি প্ৰণৱ পেগুৰ মৃত্যুঃ ধেমাজিত শোকৰ ছাঁ...

মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধই তেওঁৰ তিনিআলিস্থিত বাসগৃহলৈ আহি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে

author-image
Asomiya Pratidin
New Update
ধেমাজি নগৰ পালিকাৰ প্ৰাক্তন সভাপতি প্ৰণৱ পেগুৰ মৃত্যুঃ ধেমাজিত শোকৰ ছাঁ...

pranab pegu

ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি নগৰ পালিকাৰ প্ৰাক্তন সভাপতি, ধেমাজি আই টি ডি পি ব'ৰ্ডৰ প্ৰাক্তন সভাপতি, টি এচ পি ব'ৰ্ডৰ প্ৰাক্তন সভপতি তথা বিশিষ্ট সমাজকৰ্মী প্ৰণৱ পেগু(৬৮) ওৰফে প্ৰদীপ আৰু নাই ৷ জানিব পৰা মতে শুকুৰবাৰে সন্ধিয়া ঘৰৰ পৰা তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান দৈনিক পেগু বজাৰলৈ ওলাই গৈছিল। বজাৰ গৈ পোৱাৰ কিছু সময় পাছতে প্ৰায় ৭ মান বজাত হঠাৎ তেওঁৰ খুৱ কাহ উঠে। ইমানে বেছি কাহিবলৈ ধৰে যে পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি নাহি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ঠাইতে ঢলি পৰে ৷

Advertisment

তেনে অৱস্থাতে অসুস্থ পেগুক ততাতৈয়াকৈ ধেমাজিৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ নিছিল যদিও চিকিৎসাৰ পূৰ্বেই পেগুৰ মৃত্যু হয় ৷ ১৯৫৪ চনৰ ৩১ জানুৱাৰীত ধেমাজিত জন্মগ্ৰহণ কৰা প্ৰণৱ পেগুৱে জীৱনৰ প্ৰায়খিনি সময় কংগ্ৰেছ দলৰ সৈতে জৰিত থকাৰ লগতে পৰবৰ্তী সময়ত ধেমাজিৰ বিভিন্ন সামাজিক কাম কাজৰ সৈতে জড়িত হৈ পৰিছিল ৷

জোনাই সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত পুষ্পধৰ পেগুৰ জেষ্ঠ পুত্ৰ প্ৰণৱ পেগুৱে ২০০৯-২০১৫ চনলৈকে তেতিয়াৰ ধেমাজি নগৰ পালিকাৰ (বৰ্তমান পৌৰ সভা) প্ৰাক্তন সভাপতিৰ উপৰিও ধেমাজি সংহত জনজাতি উন্নয়ন-কল্যাণ পৰিষদ আৰু ধেমাজি সমাজ কল্যাণ পৰিষদৰ সভাপতি আছিল ৷

ধেমাজি নগৰ পালিকাৰ সভাপতি হৈ থকাৰ সময়ত পেগুৱে বিশেষভাৱে ধেমাজি নগৰৰ সৌন্দৰ্য্যবৰ্ধণৰ কামত জড়িত হৈছিল আৰু নগৰখন সেউজীয়া কৰাৰ লক্ষ্যৰে বৃক্ষ ৰোপণ কৰিছিল ৷ পেগুৱে ধেমাজি কালী মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল ৷ ইফালে প্ৰণৱ পেগুৰ আকস্মিক মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধই তেওঁৰ তিনিআলিস্থিত বাসগৃহলৈ আহি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷

মৃত্যুৰ সময়ত পেগুৱে দুজন পুত্ৰ, বোৱাৰী এগৰাকী কন্যা সহ আত্মীয় স্বজনক এৰি থৈ যায় ৷ ইফালে নগৰ পালিকাৰ প্ৰাক্তন সভাপতি গৰাকীৰ অকাল বিয়োগত ধেমাজি পৌৰ সভাৰ বৰ্তমানৰ পৌৰপতি দীপৰেখা দাস বাৰ্ঘ্ৰী , প্ৰাক্তন ধেমাজি নগৰ পালিকাৰ সভাপতি তথা ধেমাজি বিজেপি জিলা সমিতিৰ সভাপতি প্ৰেম দত্তৰ লগতে ধেমাজি বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰিছে ৷ সমাজকৰ্মী গৰাকীৰ মৃত্যুত ধেমাজিত শোকৰ ছাঁ পৰিছে ৷

dhemaji