তেজপুৰৰ নিকটৱৰ্তী ঘোৰামাৰীত প্ৰাক্তন সেনা সমাৱেশৰ বৃহৎ আয়োজন

ভাৰতীয় সেনাৰ গজৰাজ কৰ্পছে তেজপুৰৰ নিকটৱৰ্তী ঘোৰামাৰীত এখন বৃহৎ প্ৰাক্তন সেনা সমাৱেশ আয়োজন কৰে। এই সমাৱেশৰ জৰিয়তে দেশৰ বাবে সেৱা আগবঢ়োৱা ভেটাৰ্ণ ,বীৰ নাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ প্ৰতি সেনাবাহিনীৰ অটল প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাৰ গজৰাজ কৰ্পছে তেজপুৰৰ নিকটৱৰ্তী ঘোৰামাৰীত এখন বৃহৎ প্ৰাক্তন সেনা সমাৱেশ আয়োজন কৰে। এই সমাৱেশৰ জৰিয়তে দেশৰ বাবে সেৱা আগবঢ়োৱা ভেটাৰ্ণ ,বীৰ নাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ প্ৰতি সেনাবাহিনীৰ অটল প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰা হয়। এই সমাৱেশত বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ প্ৰায় ৪ হাজাৰ প্ৰাক্তন সেনা,বীৰ নাৰী আৰু পৰিয়ালৰ সদস্যই উৎসাহেৰে অংশগ্ৰহণ কৰে। সেনাবাহিনী আৰু প্ৰাক্তন সেনাসকলৰ মাজত থকা গভীৰ আৰু স্থায়ী সম্পৰ্কক পুনৰ এবাৰ স্পষ্ট কৰি তোলে।

WhatsApp Image 2026-03-09 at 1.13.38 PM

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এইচ এছ গিল H.S.Gill,ব্লেজিং Blazing Sword Division-ৰ জেনেৰেল অফিচাৰ কমাণ্ডিং। অনুষ্ঠানত সেনাৰ জ্যেষ্ঠ বিষয়া,অসামৰিক প্ৰশাসনৰ প্ৰতিনিধি আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াসকল উপস্থিত থাকে। ভাষণ প্ৰদান কৰি মুখ্য অতিথিয়ে দেশৰ সাৰ্বভৌমত্ব আৰু সুৰক্ষা ৰক্ষাৰ ক্ষেত্ৰত প্ৰাক্তন সেনা আৰু বীৰ নাৰীসকলৰ অমূল্য অৱদানৰ প্ৰশংসা কৰে। ইপিনে অনুষ্ঠানৰ সময়ত দেশৰ বাবে জীৱন উৎসৰ্গ কৰা সৈনিকসকলৰ পত্নী ৬ গৰাকী বীৰ নাৰী আৰু ৮ জন বিশিষ্ট যুদ্ধ ভেটাৰানক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। 

WhatsApp Image 2026-03-09 at 1.13.39 PM (1)

উল্লেখ্য যে- তেওঁলোকৰ ত্যাগ, সাহস আৰু নিষ্ঠাই নতুন প্ৰজন্মকো সদায় অনুপ্ৰাণিত কৰি আহিছে। প্ৰাক্তন সেনাসকলক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে অনুষ্ঠানস্থলীত মুঠ ৪৬টা কল্যাণমূলক ষ্টল স্থাপন কৰে । এই ষ্টলসমূহৰ জৰিয়তে পেঞ্চন সহায়, আৰ্থিক পৰামৰ্শ, নিয়োগ সম্পৰ্কীয় দিশনির্দেশনা, চিকিৎসা সহায় আৰু নথিপত্ৰ সম্পৰ্কীয় সহায় প্ৰদান কৰা হয়। পেঞ্চন সমস্যাসমূহ সমাধানৰ বাবে Controller of Defence Accounts Guwahati আৰু PCDA (P) Prayagraj-ৰ বিষয়াসকল উপস্থিত থাকে। লগতে SPARSH pension system-ৰ বিষয়ে সহায় আগবঢ়াবলৈ এটা বিশেষ সহায় কক্ষ স্থাপন কৰা হয়। ইয়াৰ উপৰিও Assam Rifles, Ex-Servicemen Contributory Health Scheme আৰু Zila Sainik Welfare Organisation-ৰ দৰে বিভিন্ন সংস্থাই স্বাস্থ্যসেৱা, অধিকাৰ আৰু পুনৰসংস্থাপনৰ সুযোগসমূহৰ বিষয়ে দিশনির্দেশনা প্ৰদান কৰে।

সমাৱেশৰ অংশ হিচাপে এখন বিনামূলীয়া চিকিৎসা শিবিৰৰো আয়োজন কৰে। ইয়াত স্ত্ৰী-ৰোগ,অস্থি-ৰোগ,চকু আৰু দন্ত চিকিৎসাৰ ক্ষেত্ৰত পৰামৰ্শ আৰু চিকিৎসা প্ৰদান কৰা হয়। লগতে বৃদ্ধ আৰু অক্ষম ভেটাৰানসকলৰ বাবে ৮খন হুইলচেয়াৰ আৰু ১১টা শুনা সহায়ক যন্ত্ৰ বিতৰণ কৰে। ইয়াৰ লগতে নিয়োগ সহায় কক্ষৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত প্ৰায় ৪০০টা চাকৰিৰ সুযোগৰ তথ্য প্ৰদান কৰা হয়। এই বৃহৎ সমাৱেশে পুনৰ এবাৰ স্পষ্ট কৰি তুলিলে যে ভাৰতীয় সেনাই নিজৰ প্ৰাক্তন সেনা, বীৰ নাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণ,পুনৰসংস্থাপন আৰু সৱলীকৰণৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ।

WhatsApp Image 2026-03-09 at 1.13.38 PM (1)

তেজপুৰ