/asomiyapratidin/media/media_files/2026/02/28/kerr-2026-02-28-14-37-30.jpg)
ডিজিটেল ডেস্কঃ এজন বিচাৰকৰ এটা নিৰ্দেশে সমগ্ৰ দেশৰ ৰাজনীতিতেই আউল লগাইছে। ৰাজনীতিৰ নামত আচলতে ক্ষমতাশালী পক্ষই কেনেদৰে ক্ষমতাৰ অপব্যৱহাৰ কৰি কাৰোবাৰ গাত অভিযোগ আৰু অপযশ জাপি দিব পাৰে তাৰেই উন্মোচন ঘটিল এই ৰায়ত।
চৰ্চাত আছিল দিল্লীৰ সুৰা কেলেংকাৰী। আবকাৰী বিভাগত সংঘটিত এই কেলেংকাৰীৰ বাবেই কেইবামাহ ধৰি কাৰাগাৰত থাকিবলগীয়া হৈছিল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল , প্ৰাক্তন উপমুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া, সাংসদ সঞ্জয় সিং আদি।
বিজেপিয়ে আপৰ এই নেতাসকলৰ দ্বাৰাই কেইবাশ কোটি টকীয়া সুৰা কেলেংকাৰী সংঘটিত হোৱা বুলি প্ৰচাৰ চলাই কেৱল আপৰ শীৰ্ষ নেতৃত্বকে কাৰাগাৰলৈ প্ৰেৰণ কৰা নাছিল, ইয়াৰ পৰা ৰাজনৈতিক মুনাফাও লাভ কৰিছিল।
এই গোচৰত অভিযুক্ত কেইগৰাকীক দোষমুক্ত ঘোষণা কৰে বিশেষ ন্যায়াধীশ জিতেন্দ্ৰ প্ৰতাপ সিঙে। ৰাউজ এভেনিউস্থিল জিলা ন্যায়ালয়ৰ বিশেষ ন্যায়াধীশগৰাকীয়ে এই গোচৰত অভিযুক্তসকলক দোষমুক্ত ঘোষণা কৰাৰ পাছতে বৰ্তমান সময়ত সমগ্ৰ দেশজুৰি চৰ্চালৈ আহিছে। পিছে কোন এইগৰাকী বিশেষ ন্যায়াধীশ জিতেন্দ্ৰ প্ৰতাপ সিং জানেনে।
চিবিআইৰ দ্বাৰা জাৰি কৰা কেলেংকাৰী-ভ্ৰষ্টাচাৰৰ গোচৰসমূহৰত শুনানি গ্ৰহণ কৰি আহিছে ন্যায়াধীশ সিঙে। তেখেতে দিল্লী বিশ্ববিদ্যালয়ত আইনৰ শিক্ষা গ্ৰহণ কৰিছিল। ২০২৪চনৰ অক্টোবৰত জিতেন্দ্ৰ প্ৰতাপ সিঙক পদত পদোন্নতি কৰা হয়।
দেশৰ ন্যায়িক বৰ্গত জিতেন্দ্ৰ প্ৰতাপ সিং এগৰাকী কঠোৰ আৰু তথ্য প্ৰমাণৰ ওপৰত কেন্দ্ৰ কৰি শুনানি গ্ৰহণ কৰা ন্যায়াধীশ হিচাপে পৰিচিত। ইফালে, কংগ্ৰেছৰ অধ্যক্ষ মাল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে হিংসাত্মক মন্তব্য কৰাৰ বিৰুদ্ধে কৰা আইনী প্ৰক্ৰিয়াতো দিল্লী আৰক্ষী আৰু ইয়াৰ সৈতে জড়িত পক্ষক জাননী জাৰি কৰিছিল এইগৰাকী ন্যায়াধীশে। তেওঁ ট্ৰায়েল ক’ৰ্টক এই সন্দৰ্ভত নিজ নিজ ৰেকৰ্ডসমূহ তলব কৰিবলৈ নিৰ্দেশ দিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us