অসম বিধানসভা নিৰ্বাচন ২০২৬ : ১৬ফেব্ৰুৱাৰীৰ পৰা হ’ব ই ভি এম আৰু ভি ভি পি এ টিৰ পৰীক্ষা

আসন্ন অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্ধাৰণ কৰা হৈছে ই ভি এম আৰু ভি ভি পি এ টিৰ পৰীক্ষণৰ দিন। মুখ্য নির্বাচনী বিষয়াৰ নির্দেশ মর্মে এই পৰীক্ষণ প্ৰথম পৰ্যায়ত ১৬ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈকে হ’ব। 

author-image
Asomiya Pratidin
New Update
139

ডিজিটেল ডেস্ক : আসন্ন অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্ধাৰণ কৰা হৈছে ই ভি এম আৰু ভি ভি পি এ টিৰ পৰীক্ষণৰ দিন। মুখ্য নির্বাচনী বিষয়াৰ নির্দেশ মর্মে এই পৰীক্ষণ প্ৰথম পৰ্যায়ত ১৬ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈকে হ’ব। 

উল্লেখযোগ্য যে, এই পৰীক্ষণ কামৰূপ মহানগৰ জিলাৰ জিলা নির্বাচনী বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ লালমাটিস্থিত পন্যাগাৰত প্ৰতিদিনে পুৱা ৯-০০ বজাৰ পৰা আবেলি ৭-০০ বজালৈ নিৰ্ধাৰিত পদ্ধতিৰে অনুষ্ঠিত হ'ব বুলি বিবৃতিত উল্লেখ কৰে। প্ৰথম পৰ্যায়ৰ পৰীক্ষণত ইলেক্ট্রনিক্স কৰ্পৰেশ্যন অৱ ইণ্ডিয়া লিমিটেডৰ দ্বাৰা নিয়োজিত ১০ জন অভিযন্তাই অতি কমেও ৩০ টা বি ইউ, ৫৫০ টা চি ইউ আৰু ৭০ টা VVPAT পৰীক্ষা কৰিব। এই সমগ্ৰ পৰীক্ষণ প্রক্রিয়া কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আযুক্ত হেমাঙ্গ নবীচৰ তত্বাৱধানত হ'ব।

নিৰ্বাচন