/asomiyapratidin/media/media_files/2026/02/07/udjjdd-2026-02-07-12-19-51.jpg)
ডিজিটেল ডেস্কঃ ই ভি এম টেম্পাৰিঙক লৈ বহু ৰাজনৈতিক দলে ভিন্ন সময়ত উত্থাপন কৰে অভিযোগ। বহু ৰাজনৈতিক দলে ই ভি এমৰ পৰিৱৰ্তে বেলট পেপাৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে বুলি নিৰ্বাচন আয়োগক জনাইছে। এনে সময়তে কৰ্ণাটক চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে, এইবাৰ ৰাজ্যখনত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বেলট পেপাৰৰ জৰিয়তে
কৰ্ণাটকৰ আগন্তুক পঞ্চায়ত নির্বাচনত ই ভি এমৰ পৰিবর্তে ব্যৱহাৰ কৰা হ'ব বেলট পেপাৰ। কর্ণাটক চৰকাৰৰ কেবিনেটে যোৱা শুকুৰাবাৰে এই সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰে। কংগ্ৰেছে ভোট চুৰিৰ অভিযোগক লৈ এতিয়াও সৰৱ হৈ থকাৰ সময়তে ৰাজ্যখনৰ কংগ্রেছ চৰকাৰে এই সিদ্ধান্ত গ্রহণ কৰিছে।
কর্ণাটক গ্রাম স্বৰাজ আৰু পঞ্চায়তৰাজ সংশোধনী বিবেয়ক ২০২৬ৰ অধীনত পঞ্চায়ত নির্বাচন ই ভি এমৰ পৰিৱৰ্তে পৰম্পৰাগত ভোটিং পদ্ধতিৰে অনুষ্ঠিত কৰা হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us