নগাঁৱত ইভিএমৰ এফএলচিঃ ১২ জনীয়া অভিযন্তাৰ দলে পৰীক্ষা কৰিব মেচিনসমূহ

অসম বিধানসভা নিৰ্বাচনৰ  বাবে ২৬-১২-২০২৫ ৰ পৰা ০৭-০১-২০২৬ তাৰিখলৈ নগাঁও জিলাত ইলেক্ট্ৰনিক ভোটিং মেচিন (ই.ভি.এম)ৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা (এফ.এল.চি.) সম্পন্ন কৰা হ’ব।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল  সংবাদ,নগাঁওঃ   ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ vide letter No. ELE. 35/2025/74 তাৰিখ 27-11-2025 ৰ যোগে আগন্তুক অনুষ্ঠিত হবলগীয়া অসম বিধানসভা নিৰ্বাচনৰ  বাবে ২৬-১২-২০২৫ ৰ পৰা ০৭-০১-২০২৬ তাৰিখলৈ নগাঁও জিলাত ইলেক্ট্ৰনিক ভোটিং মেচিন (ই.ভি.এম)ৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা (এফ.এল.চি.) সম্পন্ন কৰা হ’ব।

WhatsApp Image 2025-12-25 at 6.23.10 PM

উক্ত পৰীক্ষণ কাৰ্যসূচী সফল ৰূপায়নৰ হেতু ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ১২ জনীয়া ই.চি.আই.এল এটা অভিযন্তাৰ দলে প্ৰতিদিনে পুৱা ৯-০০ বজাৰ পৰা সন্ধিয়া ৭-০০ বজালৈ প্ৰথম পৰ্যায়ৰ পৰীক্ষা (এফ.এল.চি) প্ৰক্ৰিয়া সম্পন্ন কৰিব । নগাঁও জিলাখনৰ প্ৰথম পৰ্যায়ত বি.ইউ.-২৮২৬, চি.ইউ.- ৩০৬৩, ভি.ভি.পি.এ.টি.- ৩১১০ টা পৰীক্ষা সম্পন্ন কৰা হব।

উল্লেখযোগ্য যে, পৰীক্ষণৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সফল সমাপন বাবে জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াই অতিৰিক্ত আয়ুক্ত   সুদীপ নাথক, সামগ্ৰিকভাৱে এফ .এল.চিৰ তত্বাৱধায়ক হিচাপে আৰু এফ.এল.চি.প্ৰক্ৰিয়াৰ তত্বাৱধান, সমন্বয় আৰু নিৰীক্ষণৰ বাবে নিৰ্বাচনী বিষয়া শেখৰন ফুকনক দায়িত্ব প্ৰদান কৰিছে।   

এই প্ৰথম পৰ্যায়ৰ পৰীক্ষাত (এফ.এল.চি)ত সকলো ই.ভি.এম উপাদানৰ বিশদ কাৰিকৰী পৰীক্ষা কৰা হব, য’ত ভৌতিক পৰীক্ষণ, কাৰ্য্যকৰী পৰীক্ষণ, মক প’ল,  পূৰ্বৰ সকলো তথ্য মচি পেলোৱা, ক্ৰমিক নম্বৰৰ পৰীক্ষণ আৰু মেচিনসমূহৰ সঠিক ছীলিং আদি সন্নিবিষ্ট কৰা হব।

WhatsApp Image 2025-12-25 at 6.23.09 PM

 এই পৰীক্ষণ প্ৰক্ৰিয়াটোৰ স্বচ্ছতা নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধি সকলৰ উপস্থিতিত সমগ্ৰ এফ.এল.চিৰ এই সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰা হ’ব। লগতে সমগ্ৰ প্ৰক্ৰিয়াটো লাইভ কেমেৰাৰ জৰিয়তে ৱেব-কাষ্টিঙৰ ব্যৱস্থা কৰা হব।

এই উপলক্ষে, ইংৰাজী ২৪-১২-২০২৫ তাৰিখে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী  দেৱাশীষ শৰ্মা,  সভাপতিত্বত  জিলাখনৰ সকলো ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ এখন বৈঠক অনুষ্ঠিত হয় ।

 সভাত উপস্থিত প্ৰতিনিধিসকলক এফ.এল. চি.প্ৰক্ৰিয়াৰ বিষয়ে বিতংভাৱে অৱগত কৰা হয় আৰু সমগ্ৰ প্ৰক্ৰিয়াটোত তেওঁলোকৰ সম্পূৰ্ণ সহযোগিতা আৰু অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হয়। এই পৰীক্ষণৰ প্ৰথম দিন অৰ্থাৎ ইংৰাজী  ২৬-১২-২০২৫ তাৰিখে ছত্তীশগড়ৰ যুটীয়া চিইঅ’ আৰু ইভিএম ন’ডেল বিষয়া গৰাকী উপস্থিত থাকিব ।

উল্লেখ্য যে, আগন্তুক বিধানসভা নিৰ্বাচনটো সুচাৰুৰূপে, মুক্ত আৰু ন্যায্য পৰিচালনাৰ বাবে এফ.এল. চি অতি প্ৰয়োজনীয় প্ৰথম পদক্ষেপ । ইভিএমৰ এফএল.চি সম্পূৰ্ণ হোৱাৰ পিছত সকলো ই.ভি.এম. জিলাখনৰ শেনচোৱাত অৱস্থিত ইভিএম গুদামত ২৪ ঘণ্টাই নিৰাপত্তা আৰু চোৱাচিতাৰ অধীনত সংৰক্ষণৰ ব্যৱস্থা কৰা হয় ।

বিধানসভা নিৰ্বাচন