/asomiyapratidin/media/media_files/2025/12/30/web-karbi-1-2025-12-30-12-54-15.jpg)
ডিজিটেল সংবাদ,কাৰ্বি আংলংঃ কাৰ্বি আংলঙৰ সংৰক্ষিত চৰকাৰী ভূমি দখলমুক্ত কৰিবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে এক বৃহৎ ঘোষণা কৰিছে। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম বংহাঙে জনোৱা অনুসৰি, জিলাখনৰ পি জি আৰ আৰু ভি জি আৰ ভূমিত থকা অবৈধ দখলকাৰীসকলৰ বিৰুদ্ধে আজিৰে পৰা উচ্ছেদৰ জাননী জাৰি কৰা হ’ব।
এই জাননী লাভ কৰাৰ ১৫ দিনৰ ভিতৰত স্বেচ্ছাই ভূমি খালী নকৰাসকলৰ বিৰুদ্ধে পৰিষদে কঠোৰ উচ্ছেদ অভিযান চলাব। যোৱা ২৬ ডিচেম্বৰত ৰাজ্য চৰকাৰ, পৰিষদ আৰু স্থানীয় আন্দোলনকাৰীৰ মাজত অনুষ্ঠিত হোৱা এক ত্ৰিপাক্ষিক বৈঠকৰ পাছতে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
উল্লেখ্য যে, কেৱল খেৰণি আৰু উত্তৰ বৰবিলৰ ৩৩৯ টা পৰিয়ালক বৰ্তমানৰ বাবে ৰেহাই দিয়া হৈছে যদিও বাকী সকলো অবৈধ বসতিৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব। ইয়াৰ উপৰি, পি জি আৰ ভূমিত থকা বাণিজ্যিক প্ৰতিষ্ঠানসমূহৰ ট্ৰেড লাইচেঞ্চ বা বাণিজ্যিক অনুজ্ঞাও বাতিল কৰা হ’ব বুলি পৰিষদে স্পষ্ট কৰি দিছে।
আনহাতে, মাঘ বিহুৰ ঠিক পাছতে বকলীয়াঘাটৰ জলসিঞ্চন বিভাগৰ মাটিত থকা প্ৰায় এহেজাৰ পৰিয়ালক উচ্ছেদ কৰাৰ পৰিকল্পনা কৰা হৈছে। কাৰ্বি পাহাৰৰ ভূমি সুৰক্ষাৰ দাবীত দীৰ্ঘদিন ধৰি চলি থকা তীব্ৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে এই নিৰ্দেশনা জাৰি কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us