/asomiyapratidin/media/media_files/2025/08/23/new-ap-web-1-15-2025-08-23-15-25-04.jpg)
ডিজিটেল সংবাদ বিহালীঃ বিহালীৰ বাঘমাৰীত উচ্ছেদৰ বাবে জাননী প্ৰেৰন কৰাৰ পিছতে হাহাকাৰ লাগিছে অঞ্চলটোত। ৪৩৩ টা পৰিয়াললৈ উচ্ছেদৰ জাননী দিছে বিশ্বনাথ জিলা প্ৰশাসনে ৷
উচ্ছেদ হ'বলগীয়া অঞ্চলটোৰ ভিতৰত আছে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ো। NORTH EAST SMART SCHOOL নামৰ এই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়খন উচ্ছেদ নকৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনাইছে আহ্বান।
বিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ জনায় কয়, ''মামা আমাৰ বিদ্যালয়খন নাভাঙিব ৷ বিদ্যালয়খন ভাঙিলে আমাৰ পঢ়িবলৈ স্কুল নাই''। উল্লেখ্য যে, বৰ্তমান বিদ্যালয়খনত ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে ৷ বিদ্যালয়খনত আছে ৭ গৰাকী শিক্ষক।