দেওবাৰে পুৱাৰে পৰা বিশ্বনাথত চলিব প্ৰশাসনৰ বুলড'জাৰ

দেওবাৰে পুৱাৰে পৰা বিশ্বনাথত চলিব প্ৰশাসনৰ বুলড'জাৰ। এই উচ্ছেদ অভিযানৰ প্ৰস্তুতি সম্পৰ্কে জিলা প্ৰশাসনে শনিবাৰে সম্বোধন কৰিলে এক সংবাদমেল।

author-image
Asomiya Pratidin
New Update
xxxzzz

ডিজিটেল ডেস্কঃ দেওবাৰে পুৱাৰে পৰা বিশ্বনাথত চলিব প্ৰশাসনৰ বুলড'জাৰ। এই উচ্ছেদ অভিযানৰ প্ৰস্তুতি সম্পৰ্কে জিলা প্ৰশাসনে শনিবাৰে সম্বোধন কৰিলে এক সংবাদমেল।

Advertisment

বিশ্বনাথৰ ননকে জাপৰিগুৰিত পুৱা ৮ বজাৰ পৰা চলিবলগীয়া এই উচ্ছেদ চাৰিটা জ'নত ভাগ কৰা হৈছে। দুজনকৈ অতিৰিক্ত আয়ুক্তই এই অভিযান তদাৰক কৰাৰ লগতে  ৬ জনকৈ দণ্ডাধীশক আইন শৃংখলা কাৰ্যৰ বাবে নিয়োগ কৰা হৈছে। ২০ খনকৈ এক্সকেভেটৰ, ১০ খনকৈ ট্ৰেক্টৰ আৰু আৰক্ষী কঢ়িয়াবলৈ কেইবাখনো লঘু যান-বাহনৰ লগতে ৬খন বাছ থাকিব এই উচ্ছেদ অভিযানত। লগতে নিয়োগ কৰা হব প্ৰায় হাজাৰতকৈ অধিক আৰক্ষী বাহিনী।

Capture

উল্লেখযোগ্য যে,অবৈধভাবে বেদখল কৰা ৩০৯ টা পৰিয়ালে প্ৰায় ১৭৫ বিঘা ভূমি এৰি ইতিমধ্যে নিজৰ ঘৰ দুৱাৰ ভাঙি সা-সামগ্ৰী সমূহ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে। বিশ্বনাথ জিলাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা যোৱা ১ আগষ্টত জিলাখনৰ জাপৰিগুৰি অঞ্চলৰ প্ৰায় ৩০৯ পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰিছিল। এই জাননী দিয়াৰ পিছতে ইতিমধ্যে লোকসকলে নিজেই ভাঙি পেলাইছে বেদখলকৃত ভূমিত নিৰ্মাণ কৰা ঘৰসমূহ।

উচ্ছেদ উচ্ছেদ অভিযান